20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

‘মেঘালয়ত বিজেপি ক্ষমতালৈ আহিলেও গো-মাংস খোৱা বন্ধ নহয়।’ মেঘালয়ৰ বিজেপিৰ অধ্যক্ষৰ ঘোষণা ৷

Assamese News'মেঘালয়ত বিজেপি ক্ষমতালৈ আহিলেও গো-মাংস খোৱা বন্ধ নহয়।' মেঘালয়ৰ বিজেপিৰ অধ্যক্ষৰ ঘোষণা ৷

মেঘালয়ৰ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ ৰাজ্যিক অধ্যক্ষ আৰ্নেষ্ট মাৱৰীয়ে কয় যে “গোমাংস খোৱাৰ ওপৰত কোনো বাধা নাই”। তেওঁৱো গো মাংস খাই বুলি জনায়।

সংবাদ সংস্থা এ এ আইৰ আগত তেওঁ কয় যে, “মই আন ৰাজ্য সমূহে গৃহীত কৰা প্ৰস্তাৱৰ ওপৰত বিবৃতি দিব নোৱাৰো। মই মেঘালয়ত থাকো, ইয়াত সকলোৱে গোমাংস খায়। আৰু এই ক্ষেত্ৰত কোনো বাধা নাই”।

তেওঁ লগতে কয় যে, হয়, মইও গো মাংস খাওঁ। মেঘালয়ত কোনো নিষেধাজ্ঞা নাই। এয়া হৈছে মানুহৰ জীৱনশৈলী। কোনোৱে এই ক্ষেত্ৰত বাধা দিব নোৱাৰে। ভাৰততো তেনে কোনো নিয়ম নাই। কিছুমান ৰাজ্যই কিছুমান আইন আনিছে। মেঘালয়ত কসাইখানা আছে য’ৰ পৰা সকলোৱে গৰু বা গাহৰি মাংস লয়।

বিজেপি খ্ৰীষ্টান বিৰোধী দল বুলি বহু ৰাজনৈতিক দলে অভিযোগ উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত তেওঁ কয় যে এয়া কেৱল নিৰ্বাচনী প্ৰচাৰ। প্ৰায় ৯ বছৰ ধৰি এন ডি এৰ লগত জড়িত থকা বুলি উল্লেখ কৰি তেওঁ কয় যে আজিলৈকে মেঘালয়ত গীৰ্জা আক্ৰমণ হোৱা দেখা নাই। মেঘালয় এক খ্ৰীষ্টান অধ্যুষিত ৰাজ্য য’ত সকলোৱে গীৰ্জালৈ যায়।”

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!