বোৱাৰিৰ আত্মহত্যা! ‘এবছৰ ধৰি শাহুৰ অত্যাচাৰ সহিলো; আৰু নোৱাৰো’ লিখি গল suicide note
এইবাৰ এগৰাকী বোৱাৰীৰ মৃত্যুৰ ঘটনাই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে দৰং জিলাৰ মালিবাৰীটাৰীত।
শাহুৰ অত্যাচাৰ সহিব নোৱাৰি নৱবিবাহিতা বোৱাৰীয়ে বাচি ললে আত্মহত্যাৰ পথ।
উল্লেখযোগ্য যে, মৃত্যুৰ পূৰ্বে বোৱাৰীগৰাকীয়ে ড্ৰেছিং আইনাত লিপষ্টিকেৰে লিখি থৈ গ’ল আত্মহত্যাৰ কাৰণ। শাহু সোনেশ্বৰী নাথৰ এবছৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰা বুলি লিখি থৈ গ’ল বোৱাৰীগৰাকীয়ে।
শোৱনি কোঠাত চিলিং ফেনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰীগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকী দৰং জিলাৰ মালিবাৰীটাৰীৰ অৱনী নাথৰ পত্নী তুলিকা কাকতি।

ডেৰ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বোৱাৰী নিশাৰানী নাথ (তুলিকা)।
ছমহীয়া অন্তঃসত্ত্বা বোৱাৰীগৰাকীৰ গৰ্ভস্থ সন্তান বিহ খুৱাই মাৰি পেলোৱাৰ অভিযোগ তুলিছে লিখিত টোকাটোত মৃত বোৱাৰীগৰাকীয়ে। শাহুৰ অত্যাচাৰ সহিব নোৱাৰি চৰম সিদ্ধান্ত লয় নৱবিবাহিতা মহিলাগৰাকীয়ে। ইপিনে মৃতদেহৰ মূৰত আঘাত চিনো স্পষ্ট বুলি উল্লেখ কৰিছে প্রত্যক্ষদর্শীয়ে।
ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শাহু সোনেশ্বৰী নাথ আৰু স্বামী অৱনী নাথক আটক কৰে বুঢ়া আৰক্ষীয়ে।