22.4 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

প্ৰতিবাদ: অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা!

Assamese Newsপ্ৰতিবাদ: অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা!

নগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত ওদালগুৰিৰ ডিম্বেশ্বৰ মুছাহাৰীৰ হত্যাৰ বিৰুদ্ধে হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ স্যবস্ত কৰিলে আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বলি হোৱা কীৰ্তিকমল বৰাই। ওদালগুৰিত ডিম্বেশ্বৰ মুছাহাৰীৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কীৰ্তিকমলে কয়, ”ডিম্বেশ্বৰ মুছাহাৰীকে নহয় মোকো বধ কৰক।”

কীৰ্তিকমলে কয়, “অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ বাবেই মোৰ এখন ভৰি চুটি হৈ গ’ল। মোৰ জীৱন ধ্বংস হ’ল। অকালতে ডিম্বেশ্বৰ মুছাহাৰীয়ে জীৱন হেৰুৱালে।” আনহাতে আপৰ নেতা বিৰিঞ্চি বৰাই এই প্ৰতিবাদত অংশগ্ৰহণ কৰি কয়, “আঞ্চলিকতাবাদী অগপৰ দিনত গুপ্তহত্যা হৈছিল আৰু বৰ্তমান হিমন্ত চৰকাৰৰ দিনত মুক্তহত্যা হৈছে। ডিম্বেশ্বৰ মুছাহাৰীৰ হত্যাৰ বিৰুদ্ধে ন্যায়িক তদন্ত কৰক আৰু তদন্তৰ আওতালৈ মুখ্যমন্ত্ৰীকো আনক।”

নগাঁও আৰক্ষী থানাৰ সন্মুখত হোৱা এই প্ৰতিবাদত ইচ্ছামৃত্যু বিচাৰি চৰকাৰলৈ পত্ৰ লিখা লোকনিৰ্মাণ বিভাগৰ ৱৰ্কচাৰ্জ কৰ্মচাৰী দুলাল বৰা আৰু ৰূপম বৰায়ো অংশগ্ৰহণ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!