22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ঘৰত এতিয়াই এই কামবোৰ নিষিদ্ধ কৰক

Assamese Newsঘৰত এতিয়াই এই কামবোৰ নিষিদ্ধ কৰক

আমি ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিব লাগে কিয়..!! ( Religious Studies )

যি ভুমিত যি ধৰণৰ কৰ্ম কৰা হয়

সেই ভুমিত সেই ধৰণৰ সংস্কাৰ প্ৰাপ্ত হয়।

সেয়ে, গৃহস্থই সদায় ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচন্ন কৰি ৰাখিব লাগে।।

মাৰ্কণ্ডেয় পুৰাণত পোৱা যায়..

ৰাম লক্ষ্মণ সীতা বনবাসত থকাৰ সময়ত

এদিন এঠাইত গৈ উপস্থিত হোৱাৰ লগে লগে লক্ষ্মণৰ মনত কু-বুদ্ধিয়ে বাস ললে।

লক্ষ্মণে ভাৱিবলৈ আৰম্ভ কৰিলে..

মাতা কৈকেয়ীয়ে বনবাস দাদা ৰামক হে দিছিল..

মই মিছাতে, তেওঁৰ লগত বনত বাস কৰি কষ্ট ভুগিব কিয় লাগে..!!

ৰামে লক্ষ্মণক আদেশ দিলে..

ভাতৃ লক্ষ্মণ, এই ঠাইৰ মাটিখিনি অলপ ভাল লাগিছে, তুমি ইয়াৰে মাটি অলপ টোপোলা কৰি বান্ধি লোৱা..

লক্ষ্মণে তাকেই কৰিলে..

মাটি অলপ কাপোৰ এখনত বান্ধি টোপোলা কৰি লৈ

ৰাম আৰু সীতাৰ পাছে পাছে গৈ থাকিল।

বাটত যেতিয়া মাটিৰ টুপোলা লৈ গৈ থাকে

তেতিয়া লক্ষ্মণৰ মনত ৰাম আৰু সীতাৰ বিৰোধী বহুতো কুৎসিৎ কথাই বাস সাঁজে আৰু

টোপোলাটো কৰবাত গৈ মাটিত থোৱাৰ লগে লগেই লক্ষ্মণৰ মন প্ৰাণ ৰাম আৰু সীতাৰ প্ৰতি ভক্তি শ্ৰদ্ধাৰে ভৰি পৰে. ( Religious Studies )

নিজৰ কৌতূহল দূৰ কৰিবলৈ লক্ষ্মণে

সকলো কথা ৰামৰ আগত ব্যক্ত কৰিলে..

ৰামে তেতিয়া কলে..

মই সকলো অনুভৱ কৰিবলৈ পাৰিছিলো লক্ষ্মণ

সেয়ে তোমাৰ মনৰ কৌতুহল দূৰ কৰাৰ উদ্দেশ্যে

তোমাক সেই বিশেষ ঠাইৰ মাটি অলপ টোপোলা বান্ধি লবলৈ কৈছিলো।

যি স্হানত যি কৰ্ম

সম্পাদন কৰা হয়, সেই স্হানত

সেই কৰ্মৰ ভাল বেয়া, পৰমাণু থাকি যায়।

আনকি সেই ঠাইৰ বাতাবৰণটো তাৰ সু-কু, প্ৰভাৱ ৰৈ যায়।

এই টোপোলাত তুমি ঠাইৰ মাটি ভৰাই আনিছা

সেই ঠাইত সুন্দ আৰু উপসুন্দ নামৰ দুজনা মহা

প্ৰতাপী অসুৰে বসবাস কৰিছিল।

দুয়ো তপস্যাবলে বলত সৃষ্টি কৰ্তা ব্ৰহ্মাক সন্তষ্ট কৰিবলৈ সক্ষম হৈছিল।

ব্ৰহ্মাৰ পৰা অমৰত্ব বৰদান লাভ কৰাৰ সময়ত ব্ৰহ্মাই এটা চৰ্ত সাপেক্ষেহে তেওঁলোকক অমৰত্ব বৰদান দিছিল।

ব্ৰহ্মাই কৈছিল যদি কেতিয়াবা তেওঁলোকৰ দুজনে পৰস্পৰৰ যুদ্ধ কৰে, তেতিয়া দুয়োৰে মৃত্যু হব।

দুয়ো ভাই ককাই আছিল।

গতিকে কেতিয়াও যুদ্ধ বিগ্রহ কৰাৰ প্ৰশ্নই নুঠে।

সেয়ে দুয়োয়ে ব্ৰহ্মাৰ চৰ্ত মানি লৈছিল।

অমৰত্বৰ বৰদান পায়

সুন্দ আৰু উপসুন্দই ত্ৰিভুৱনত অন্যায় অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিলে।

দুয়োৰে অত্যাচাৰত অতিষ্ঠ হৈ, দেৱতাসকলে পৰিত্ৰাণ বিচাৰি ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত ব্ৰহ্মাই

তিলোত্তমা নামৰ অপেশ্বৰী এগৰাকী সৃষ্টি কৰি

সুন্দ আৰু উপসুন্দৰ কাষলৈ পথিয়ালে।

তিলোত্তমাৰ ৰূপত মুগ্ধ হৈ দুয়োয়ে তিলোত্তমাক পাবলৈ বিচাৰিলে।

তিলোত্তমাই এটা চৰ্ত ৰাখিলে,

দুই ভাতৃৰ মাজৰ বিজেতাজনৰ লগতহে তেওঁ বিবাহ হব।

আগ পাছ চিন্তা নকৰি

তিলোত্তমাক পাবলৈ দুয়ো ভাতৃৰ মাজত ভীষণ ৰণ চলিল।

অৱশেষত যুদ্ধত দুয়োৰে মৃত্যু হল।

গতিকে

তেওঁলোকৰ মৃত্যুৰ পাছটো

সেই ঠাইত, হিংসা, বিদ্বেষ লোভ অহংকাৰ থাকি গল।

সেয়ে লক্ষ্মণ তোমাৰ মন কলুষিত হৈ গৈছিল।

তীৰ্থভুমিত সদায় হৰি নাম কীৰ্তন,

পূজা যজ্ঞ, দান আহুতি আদি চলি থাকে গতিকে

তেনে স্হানত উপস্থিত হোৱাৰ লগে লগে মানুহৰ অন্তৰ আত্মাবোৰ প্ৰবিত্ৰ হৈ পৰে।।

গতিকে গৃহস্থই সদায় নিজৰ ঘৰখনক

তীৰ্থৰ দৰে প্ৰৱিত্ৰ কৰি ৰাখিব লাগে।

কেৱল বাহ্যিক, পৰিষ্কাৰ পৰিচন্নাই আচল নহয়

ঘৰখনত হাই, কাজিয়া, তৰ্ক, বিতর্ক, নিন্দা, তিৰষ্কাৰ আদিৰ লগতে,

মদ, ভাং আদিও নিষিদ্ধ কৰিব লাগে।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!