22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

১মাৰ্চ,বুধবাৰে ৰামধেনু যুগৰ কথা শিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০সংখ্যক জন্মদিনৰ আয়োজন

Assamese News১মাৰ্চ,বুধবাৰে ৰামধেনু যুগৰ কথা শিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ ৮০সংখ্যক জন্মদিনৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,২৮ফেব্ৰুৱাৰী:–অসমৰ ৰামধেনু যুগৰ এগৰাকী স্বনামধন্য কথাশিল্পী তথা নগাঁও চহৰৰ খুটিকটীয়া নিবাসী ভদ্ৰেশ্বৰ ৰাজখোৱাৰ অহা ১মাৰ্চ,বুধবাৰে ৮০সংখ্যক জন্মদিন উপলক্ষে নগাঁৱৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “কলংপৰীয়া আলোচনা চক্ৰ” আৰু অন্য এটি সাংস্কৃতিক অনুষ্ঠান “সুৰৰ পানচৈ শিল্পী সমাজ”ৰ যুটীয়া উদ্যোগত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী স্মৃতি ভৱন প্ৰেক্ষাগৃহত দিনৰ ২ বজাত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি অনুষ্ঠান দুটিৰ সম্পাদকদ্বয় বিচিত্ৰ নাৰায়ণ বৰা আৰু প্ৰাঞ্জল বৰদলৈয়ে জনাইছে । ভদ্ৰেশ্বৰ ৰাজখোৱাৰ অসমীয়া গল্প সাহিত্যৰ বেদীলৈ আগবঢ়োৱা অৱদান অনস্বীকাৰ্য ৷
তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া পাঠক ৰাইজৰ হৃদয়ত সাঁচ বহুৱালৈ সক্ষম হৈছে ৷ ইতিমধ্যে ৰাজখোৱাৰ “ঢৌ খেলি ঢৌ খেলি”, “শম্ভূধন ফংল’ছা” আৰু “কলং বৈ যায়” নামেৰে ৩খন উপন্যাসৰ সংকলন প্ৰকাশ হৈছে ৷ ইপিনে তেখেতৰ “কলং বৈ যায়” উপন্যাসখন তিনিখনকৈ উপন্যাস সমৃদ্ধ এখন সংকলন “এখন নতুন দলং”, “মই বুজি পালোঁ”, “এদিন ক্লিয়’পেট্ৰাই কান্দিছিল”,”মা”, “তললৈ আৰু তললৈ”, “কেম্পটী জলপ্ৰপাত”,”নাতি আৰু হাতী”,”মোৰ গাঁও মোৰ দেশ” নামেৰে ৰাজখোৱাৰ কেইবাখনো নিৰ্বাচিত গল্পৰ সংকলনো প্ৰকাশ হৈ সাহিত্যানুৰাগী ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে ৷ জন্মদিনৰ উক্ত অনুষ্ঠানতে অনুষ্ঠান দুটিৰ তৰফৰ পৰা কথাশিল্পীগৰাকীলৈ “গল্প ৰত্ন” অভিধা আগবঢ়োৱা হ’ব ৷ নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত চন্দ্ৰ মহন্তই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বিশিষ্ট সাহিত্যিক কল্পনা হাজৰিকা গায়নে ৰাজখোৱাৰ সৃষ্টিৰাজিৰ সন্দৰ্ভত এটি বক্তৃতা প্ৰদান কৰিব ৷ অনুষ্ঠানটিত বহুকেইগৰাকী বিশিষ্ট শিল্পী-সাহিত্যিকেও অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!