25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ভগৱান শ্ৰী গণেশ আৰু ধনৰ দেৱতা কুবেৰৰ কথাৰে

Assamese Newsভগৱান শ্ৰী গণেশ আৰু ধনৰ দেৱতা কুবেৰৰ কথাৰে

হিন্দু ধৰ্ম অনুসাৰে-কুবেৰ ধন আৰু বৈভৱৰ দেৱতা হয়।মনা হয় যে-তেওঁৰ ওচৰত বহু ধন আছে।আৰু এইবাবেই ধনৰ দেৱতা কুবেৰে ভাৱিলে যে-তিনিও লোকতে অধিক ধন তেওঁৰ ওচৰতে আছে,আৰু এই কথা লৈ তেওঁৰ অহংকাৰ হবলৈ ধৰিলে। ( Religious Studies )

এদিনাখন নিজৰ ধনক দেখাবলৈ-কুবেৰ দেৱতাই মহাভোজৰ আয়োজন কৰিলে।এই মহাভোজত কুবেৰ দেৱতাই সকলো দেৱতাগণক নিমন্ত্ৰণ জনালে।কাৰ্য্যকৰ্মৰ নেওতা লৈ-কুবেৰ দেৱতা কৈলাশলৈ ভগৱান শিৱৰ ওচৰলৈ গল।আৰু মহাদেৱক বিশেষ অতিথি ৰূপে ভোজলৈ আহিবলৈ নিমন্ত্ৰণ কৰিলে।

ভগৱান শিৱই-কুবেৰ দেৱতাৰ অহংকাৰক বুজিছিল,আৰু সেইবাবে ভাবিলে-কুবেৰ দেৱতাক এটা শিক্ষা দিব লাগে।এই কথা ভাবি লৈ-মহাদেৱে কুবেৰ দেৱতাক কলে-কুবেৰ-মই তোমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছো।কিন্তু বিশেষ প্ৰয়োজনীয় কাম এটা থকাৰ বাবে-মই মহাভোজলৈ যাব নোঁৱাৰিম।কিন্তু-তুমি চিন্তা নকৰিবা।মোৰ ঠাইত-মোৰ পুত্ৰ গণেশে-তোমাৰ কায্যকৰ্মলৈ নিশ্চয় যাব।

ভগৱান শিৱৰ কথা শুনি-কুবেৰ সুখী হৈ কৈলাশৰ পৰা গুচি আহিল।

মহাভোজৰ দিন আহিল।

সকলো দেৱতাগণ কুবেৰৰ মহাভোজলৈ আহিল।ভগৱান শ্ৰী গণেশো সময়ত-কায্যকৰ্মলৈ আহিল।যেতিয়াই ভোজন আৰম্ভ হল-ভগৱান গণেশে সকলো ভোজন শেষ কৰি দিলে।যেতিয়া-কুবেৰে বাকী আলহীলৈ পুনৰ ভোজন প্ৰস্তুত কৰিলে,তেতিয়া পুনৰ গণপতিয়ে ভোজন খায় শেষ কৰি দিলে। ( Religious Studies )

ভগৱান গণেশে কুবেৰৰ পাকঘৰত থকা সকলো ভোজন শেষ কৰি গৈ আছিল,কিন্তু গণপতিৰ ভোক শান্ত হোৱা নাছিল।লাহে-লাহে কৰি কুবেৰৰ ওচৰত থকা সকলো খাদ্য শেষ হৈ গৈছিল।তেতিয়া-কুবেৰে ভগৱান গণেশক কলে-প্ৰভূ-আৰু খাদ্য আহিবলৈ সময় লাগিব।তেতিয়ালৈকে আপুনি বহি লওক।কুবেৰৰ কথা শুনি-গণপতিয়ে কলে-এতিয়াই যদি তুমি মোক ভোজন নিদিয়া-তেতিয়াহলে,মই তোমাৰ অট্ৰালিকাত থকা সকলো বস্তুকে খায় পেলাম।

গণপতিৰ এই কথা শুনি-কুবেৰে ভয় খালে,আৰু কুবেৰৰ নিজৰ ভুলৰ অনুভৱ হল।তেতিয়া তৎক্ষণাত কুবেৰে গণপতিৰ চৰণত পৰিল আৰু ক্ষমা বিচাৰিলে।

এই কাহিনীৰ পৰা শিক্ষা-

আমি কেতিয়াও অহংকাৰ কৰিব নালাগে।।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!