20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

কেনে লোকৰ ঘৰত কন্যা শিশু জন্ম লাভ কৰে জানেনে? শ্ৰীকৃষ্ণৰ অমৃত বাণী

Assamese Newsকেনে লোকৰ ঘৰত কন্যা শিশু জন্ম লাভ কৰে জানেনে? শ্ৰীকৃষ্ণৰ অমৃত বাণী

প্ৰতি বছৰে ১১ অক্টোবৰত উদযাপন কৰা হয় আন্তৰ্জাতিক কন্যা শিশু দিৱস। ৰাষ্ট্ৰসংঘই ২০১২ চনৰ ১১ অক্টোবৰত প্ৰথম আন্তৰ্জাতিক কন্যা শিশু দিৱস উদযাপন কৰিছিল। কিন্তু প্ৰতি বছৰে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক কন্যা শিশু দিৱস পালন কৰি অহাৰ সমান্তৰালকৈ আজিও আমাৰ সমাজত কন্যা শিশু জন্ম হলে দুখৰ ছাঁ পৰে। পুৰুষ প্ৰধান সমাজত আজিও এগৰাকী কন্যা শিশুক পিতৃ-মাতৃৰ বোজা বুলি ধৰা হয়। আপুনি জানি আচৰিত হ’ব যে সেইসকল লোকৰ ঘৰতহে কন্যা শিশু জন্ম হয়, যিসকলে পূৰ্বজন্মত অত্যন্ত পূণ্য কৰিছে।

শিশুৱে প্ৰতিটো পৰিয়াললৈ সুখ আনে। অৱশ্যে, বহুলোকে তেওঁলোকৰ প্ৰথম সন্তান লৰা হোৱাটো বিচাৰে। যিটো একেবাৰে সঠিক নহয়। বহু মানুহ আছে যিয়ে প্ৰথমেই কন্যা সন্তান হ’লে কষ্ট পায় বা দুখ কৰে। ইয়াৰ পৰিৱৰ্তে, যদি পৰিয়ালৰ প্ৰথম সন্তান এজনী ছোৱালী হয়, তেন্তে তাই অধিক যোগ্যতাশালী হয়। কাৰণ তেওঁৰ বহুতো উচ্চাকাংক্ষা থাকে। এচেক্স বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা এক অধ্যয়ন অনুসৰি, এজন ল’ৰা প্ৰথম কন্যা সন্তানৰ তুলনাত ১৩ শতাংশ কম উচ্চাকাংক্ষী।

পৌৰাণিক আখ্যানসমূহৰ পাঠ লুটিয়াই চালেও আমি দেখা পাও যে এগৰাকী কন্যা সন্তানে পুত্ৰ সন্তানতকৈ কৰিব নোৱাৰা কাম একো নাই। শাস্ত্ৰত কন্যাক লক্ষ্মীৰ সম বুলি কোৱা হয়।

এবাৰ ভগৱান শ্রীকৃষ্ণক তেওঁৰ মিত্ৰ অর্জুনে সুধিলে- “প্ৰভু কি কৰ্মৰ ফলত এখন ঘৰত কন্যা সন্তান প্রাপ্তি হয় ?” তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্র সন্তান প্রাপ্তি হ’ব পাৰে তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তান প্রাপ্তি হয়। যি দম্পতিয়ে পূৰ্বজন্মত অধিক পূণ্য আহৰণ কৰে তেওঁলোকেহে কন্যা সন্তানৰ পিতৃ-মাতৃ হোৱাৰ সৌভাগ্য লাভ কৰে। লগতে শ্ৰীকৃষ্ণই কয়- “হে অর্জুন যিদিনাই সৃষ্টিত কন্যা সন্তানৰ জন্ম বন্ধ হৈ পৰিব, সেইদিনাই সৃষ্টিৰ বিনাস হ’ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ পৰিব।”

ভগৱান শ্ৰীকৃষ্ণৰ এই বাণী যদি আমি বিশ্লেষণ কৰো তেন্তে এই কথা সচাঁ যে পৃথিৱীত কন্যা বা নাৰী যদি নাথাকে তেনেহলে কাৰোৰে বংশ বিস্তাৰ নহ’ব। যি গৃহত কন্যা সন্তান থাকে সেই গৃহ স্বৰ্গৰ সমান, কাৰণ পুত্রই কেৱল এক কুলৰ মুখ উজ্জ্বল কৰে বিপৰীতে কন্যাই দুই কুল ৰক্ষা কৰাত ভূমিকা পালন কৰে। প্ৰথমে মাক-দেউতাকৰ গৃহ আৰু দ্বিতীয়তে শহুৰৰ গৃহ।

ইয়াৰোপৰি যি গৃহত একাধিক কন্যা সন্তানৰ জন্ম হৈছে, সেই গৃহ আৰু অধিক ভাগ্যশালী। বহুতে ভাবে যে ছোৱালী সন্তানে বেছি পঢ়া শুনা কৰি কি হ’ব, তাতকৈ সোনকালে বিয়াত বহা ভাল। যি এক সম্পূর্ণ মিছা আৰু ভ্রান্ত ধাৰণা। আপুনি এবাৰ ভাবি চাওকচোন, নিজৰ জীৱনটোক লৈ এজন পুৰুষ বা নাৰীৰ সমানে আশা থাকে। কিন্তু যদি তেওঁ নাৰী হয় সেই আশাৰ পৰা বঞ্চিত হয়, তেন্তে পিতৃ-মাতৃ হিচাপে আপোনাৰ নিজৰ কন্যাৰ প্ৰতি দায়িত্ব যে তাই নিজৰ আশা-আকাংক্ষা পূৰ্ণ কৰিব পাৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!