মৃত্যুৰ কথা ভাবিলে সকলো লোক কিছু সময়ৰ বাবে হলেও আচম্বিত হৈ পৰে তথাপি মৃত্যু কিন্তু সত্য , মৃত্যু অনিবাৰ্য। কিন্তু মৃত্যুৰ পিছৰ সত্য কি সেয়া কোনোৱে নাজানে, আত্মা কেনেকৈ দেহ ত্যাগ কৰে, আত্মাই কেনেকৈ যমলোকে যায় সেইবোৰ প্ৰশ্নৰ উত্তৰ যদি কৰবাত আছে সেয়া হৈছে গৰুড় পুৰাণ। গৰুড় পুৰাণত এটি ঘটনাৰ উল্লেখ পোৱা যায় ; ঘটনা অনুসৰি এবাৰ ভগৱান বিষ্ণুৰ বাহন গৰুড়ে ভগৱান বিষ্ণুক প্রশ্ন কৰিছিল , ” প্ৰভু আপুনি কব পাৰিবনে যে মৃত্যুৰ কিমানদিন পিছত আত্মা যমলোক গৈ পাই ?” সেই কথা শুনি ভগৱান বিষ্ণুৱে গৰুড়ক এটি আত্মাই দেহ ত্যাগ কৰাৰ পিছৰে পৰা ৪৭ দিনৰ কথা ব্যাখ্যা কৰিছিল। আৰু সেই সমস্ত কথা গৰুড় পুৰাণত লিপিবদ্ধ পোৱা যায়। গৰুড় পুৰাণত উল্লেখ অনুসৰি, মৃত্যু মুহূৰ্তত মানুহে নিজৰ কন্ঠস্বৰ হেৰাই পেলাই, আৰু লগে লগে শৰীৰে নিশ্বাস লোৱা বন্ধ কৰে ; ঠিক একে সময়তে তেওঁৰ দিব্যদৃষ্টি প্ৰাপ্তি হয়, আৰু সেই দিব্য দৃষ্টিৰে তেওঁ সকলো সৃষ্টিক সমানে দেখিব আৰম্ভ কৰে। ঠিক একে মুহূৰ্ততে আত্মাক লৈ যোৱাৰ বাবে যমদূতৰ আগমন ঘটে। কোৱা হয় আত্মাক যমলোকলৈ লৈ যোৱাৰ বাবে এজন নহয় দুজনকৈ যমদূতৰ আগমন ঘটে। যমদূতক প্ৰত্যক্ষ কৰি আত্মাই ভয়ত চিৎকাৰ কৰি কান্দিবলৈ ধৰে আৰু সেই ভয়তে আত্মা জীৱদেহৰ পৰা এক আঙুলি বাহিৰলৈ ওলাই আহে ; আৰু কিছুক্ষণ পিছত দিশহাৰা আত্মা শৰীৰৰ পৰা সম্পূৰ্ণ ৰূপে বাহিৰলৈ ওলাই আহে। আৰু তেতিয়াই সেই আত্মাক যমদূতে যমলোকলৈ লৈ যায়। যদি আত্মা পবিত্ৰ হয় তেন্তে পৰমাত্মাৰ বাহন আহি সেই আত্মাক লৈ যায় আৰু যদি সেই আত্মা অপবিত্ৰ আৰু পাপী হয় তেতিয়া সেই আত্মাক ভয়ানক এক অন্ধকাৰ পথেৰে লৈ যোৱা হয়। পাপী আত্মাৰ বাবে যমলোক পোৱাৰ পিছত অনেক শাস্তি আৰু যন্ত্ৰণাৰ ভোগ থাকে তাৰ পিছত সেই একেদিনাই আত্মাক আকাশী পথেৰে নশ্বৰদেহৰ ওচৰলৈ উভতাই লৈ অহা হয় , আত্মাই নিজৰ শৰীৰৰ অন্তিম সংস্কাৰ নিজৰ চকুৰে দেখিবলৈ পাই। মৃত্যুৰ পিছৰ ১২ দিনলৈকে সেই আত্মা সেই গৃহৰ আত্মীয় স্বজনৰ সৈতেই থাকে আৰু ঠিক ১৩ দিনৰ দিনা যেতিয়া পিণ্ডদান কৰা হয় তেতিয়া যমদূত পুনৰাই উভতি আহে লৈ যাবলৈ ; কিন্তু সেই সময়ত সকলো আত্মাৰ বাবে যমলোকলৈ উভতি যোৱাৰ পথ খুব প্ৰশস্ত আৰু মসৃণ নহয়। গৰুড় পুৰাণ অনুযায়ী যদি আত্মাৰ স্বৰ্গপ্ৰাপ্তি হয় তেতিয়া সেই আত্মাৰ বাবে যমলোকলৈ উভতাৰ পথ খুব সহজ হয় কিন্তু যদি আত্মা নৰকলৈ যাবলগীয়া থাকে তেন্তে সেই আত্মাই বৈতৰণী নদী পাৰ হ’বলৈ হয়। পুৰাণত ব্যাখ্যা অনুসৰি বৈতৰণী নদীৰ পানী ৰঙা আৰু সেই পানী জুইৰ শিখাৰে ভৰি থকাৰ উপৰিও সেই নদীত ভয়ংকৰ কিছুমান জীৱ জন্তু বসবাস কৰে। মানুহৰ কৰ্মফল অনুসৰি সেই নদীৰে আত্মাক ভিন্ন প্ৰকাৰে পাৰ হ’বলৈ হয় । যদি আত্মা ঘোৰ পাপী হয় তেতিয়া সেই আত্মাক সেই নদীৰ পানীৰ মাজেৰে টানি লৈ যোৱা হয় , আৰু আত্মাই এনে অনুভৱ কৰে যেন তাৰ শৰীৰ জ্বলি গৈছে , যেন শৰীৰত কিবা ডাঙৰ অস্ত্ৰৰে আঘাত কৰিছে, যেন শৰীৰ কিবা অস্ত্ৰৰে ফালি ছিঙি পেলোৱা হৈছে। বিপৰীতে পূণ্য আত্মাক সেই নদীৰ ওপৰেৰে বাহনত তুলি লৈ যোৱা হয়। বৈতৰণী নদীৰ যাত্ৰা সৰ্বমুঠ ৪৭ দিনৰ হয়, আৰু পাপী আত্মাই ৪৭ দিন যমৰ যাতনা ভুগিব লগীয়া হয় আৰু ৪৭ দিনৰ অন্তত পাপী আত্মাই যমলোকত উপস্থিত হয় ।