22.1 C
Assam
Tuesday, March 28, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ ইটালীৰ প্ৰধানমন্ত্ৰীৰ

Assamese Newsৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ ইটালীৰ প্ৰধানমন্ত্ৰীৰ

ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’জিয়া মেলোনিয়ে কালি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। প্ৰথমবাৰলৈ ভাৰতত উপস্থিত হোৱা ইটালীৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে এগৰাকী যুৱ আৰু আত্মবিশ্বাসী মহিলাই ইটালীক নেতৃত্ব দিয়াৰ বাবে সুখী বুলি মন্তব্য কৰে। শ্ৰীমতী মেলোনি ইটালীৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী হোৱাৰ উপৰি দেশখনৰ সর্বকনিষ্ঠ প্রধানমন্ত্রী বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত আৰু ইটালীয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি চলাৰ লগতে আধুনিক আৰু পৈণত গণতান্ত্রিক দেশ হিচাপে দুয়োখন সর্বাত্মক বিকাশ, মানৱ অধিকাৰৰ প্ৰতি সন্মান তথা আইনৰ আধাৰত অৰ্থনৈতিক বিকাশৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দৃঢ় প্রতিজ্ঞ। প্রধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণে উভয় দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি শ্ৰীমুৰ্মুৱে আস্থা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতৰ জি-টুৱেণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ সাম্প্ৰতিক অধ্যক্ষতা তথা ইটালীৰ জি-চেভেন ৰাষ্ট্ৰগোষ্ঠীৰ ভৱিষ্যত অধ্যক্ষতাই দুয়োখন দেশক স্বাস্থ্য সেৱা, জলবায়ু পৰিৱৰ্তন আৰু ডিজিটীয় প্রযুক্তিকে ধৰি উমৈহতীয়া স্বার্থজড়িত ক্ষেত্ৰসমূহত একেলগে কাম কৰাত সহায় কৰিব।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!