22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

নগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

Assamese Newsনগাঁও কলেজত দুলাল গোস্বামী স্মাৰক গৱেষণা প্ৰদান,গ্ৰন্থ উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,৩মাৰ্চ:–দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ,নগাঁও কলেজ(অট’নমাচ)ৰ উদ্যোগত “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা প্ৰদান” অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায় । নগাঁও কলেজৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে ড° বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ড° অমল চন্দ্ৰ কটকী উপস্থিত থাকে । অনুষ্ঠানত ডা°কটকীয়ে ২০২২ বৰ্ষৰ “দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা” নগাঁও কলেজ (অট’নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড°টিকেন দাসক প্ৰদান কৰে। লগতে বিশিষ্ট অতিথি আলোক গোস্বামীয়ে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড° আফজালুৰ ৰহমানৰ “Introduction to Development Psychology” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰে । ভাষণ প্ৰসংগত মুখ্য অতিথি ড° অমল চন্দ্ৰ কটকীয়ে কয় যে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে । ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয় লগতে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয় । ড° কটকীয়ে লগতে উল্লেখ কৰি কয় যে সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত চাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ। একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক। প্ৰাপ্তবয়স্কপ্ৰাপ্ত হোৱাৰ পূৰ্বে বিবাহ,কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি,পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ,যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা,পুৰুষ-মহিলাৰ একাধিক যৌন সংগী,ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ কথা বক্তব্যত উল্লেখ কৰে। ড° কটকীয়ে কম বয়সতে ঋতুস্ৰাৱ,অনিয়মীয়া ঋতুস্ৰাৱ,সন্তানহীনতা,পলমকৈ সন্তান প্ৰসৱ হোৱা,স্তনপান নকৰোৱা,বংশগত স্তন কৰ্কট ৰোগ,মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ কথা লগতে উল্লেখ কৰে। ড° কটকীয়ে দ্ৰুত পৰীক্ষা,নিজাভাৱে স্তন পৰীক্ষা,জীৱন শৈলী,খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব আৰু এইক্ষেত্ৰত সামূহিক সজাগতাৰ কথাও উল্লেখ কৰে । ২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ২৪% জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ । আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত পাঁচ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অনুষ্ঠানৰ শেষত ড° ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!