21.1 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

নগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত চাৰিদিনীয়াকৈ ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

Assamese Newsনগাঁৱৰ বেবেজীয়াৰ ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত চাৰিদিনীয়াকৈ ৩০সংখ্যক দৌল উৎসৱৰ আয়োজন

নিউজ ব্যুৰ’,নগাঁও,৪মাৰ্চ:-নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত বিগত বছৰসমূহৰ দৰে চলিত বৰ্ষতো অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ইতিমধ্যে থান পৰিচালনা আৰু উৎসৱ উদযাপন সমিতিয়ে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে দৌল উৎসৱৰ । উল্লেখ্য যোগ্য যে ১৯৯৩ চনৰে পৰা ক্ৰমাগতভাৱে উদযাপন কৰি অহা সাৰ্বজনীন গৰখীয়া থানৰ দৌল উৎসৱে চলিত বৰ্ষত ৩০সংখ্যক বৰ্ষত পদাৰ্পণ কৰিছে । ৩৫৫ বছৰীয়া ঐতিহ্যমণ্ডিত জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ কাৰ্যসূচী অনুসৰি অহা ৬ মাৰ্চত পুৱা পৰিৱেশ নিকাকৰণ,গছ পুলি ৰোপনৰ অন্তত থানৰ ধৰ্মধ্বজা উত্তোলন,স্মৃতি তৰ্পন,দান বৰঙণি- শৰাই-সফুঁৰা গ্ৰহণ,সোঁৱৰণি তোৰণ উন্মোচন,কীৰ্তন পাঠ,দুপৰীয়া প্ৰসংগ,নৱ নিৰ্মিত কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰা হ’ব । বিয়লি শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ অন্তত সমূহীয়া বন্তি প্ৰজ্বলন আৰু সন্ধ্যা প্ৰসংগৰে দিনটোৰ কাৰ্যসূচীৰ সামৰণি মৰা হ’ব । ৭ মাৰ্চত পুৱা দৌল মন্দিৰত দৌল ধ্বজা উৰণ,মণিকূট-বন্তি প্ৰজ্বলনৰ পাছত অঞ্চলৰ ২৯গৰাকী নামঘৰৰ বিষয়ববীয়াই ধৰ্ম ধ্বজা আৰু জলচী লৈ উৎসৱ স্থলীলৈ যাত্ৰা কৰাৰ অন্তত ৩০খনি ধৰ্মধ্বজা উত্তোলনৰ পাছতে গোঁসাই স্নান-স্থাপন আৰু ভকতক নিৰ্মালী প্ৰদান কৰা হ’ব । অনুষ্ঠানত মুখ্য অতিথি ৰূপে স্বাস্থ্য মন্ত্ৰী আৰু বিশিষ্ট অতিথি ৰূপে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে উপস্থিত থাকিব । ইয়াৰ পাছতে খোল-নাম প্ৰসংগ, আপ্যায়ণ,বিয়লি আমন্ত্ৰিত নামতিৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰা হ’ব । সন্ধ্যা যোৰা পৰিবেশনৰ অন্তত সম্বৰ্ধনা,সাহাৰ্য প্ৰদান আৰু শৈক্ষিক বঁটা প্ৰদান । নিশা দলৈগাঁও আৰু ন দলৈ গাঁৱৰ মহিলা শিল্পীসকলৰ দ্বাৰা “মচুকুণ্ড ৰজাৰ কৃষ্ণ দৰ্শন” ভাওনাখনি মঞ্চস্থ কৰা হ’ব । ভাওনাখনি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই । ৮ মাৰ্চত পুৱা পৱিত্ৰ হোলী খেলাৰ অন্তত কীৰ্তন পাঠ,প্ৰসংগ,বিয়লি দিহানাম পৰিবেশন,সন্ধ্যা প্ৰসংগ আৰু আদৰণি-সম্বৰ্ধনা অনুষ্ঠান । নিশা মৰিগাঁৱৰ দক্ষিণ বাৰপূজীয়া জনজাতীয় লোকবাদ্য দলে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব । ৯ মাৰ্চত পৰিবেশন নিকাকৰণৰ অন্তত অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ময়ূৰ পংখী ৰথত দৌল গোবিন্দ গোঁসাইক ভ্ৰমণ কৰোৱা হ’ব । ইয়াৰ পাছতে কীৰ্তন পাঠ আৰু ধৰ্মধ্বজা অৱনমন-সমূহীয়া ঘোষাৰে দৌল উৎসৱৰ সামৰণি মৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে । উল্লেখ্য যে ৩০সংখ্যক দৌল উৎসৱৰ লগত সংগতি ৰাখি ৬মাৰ্চৰ বিয়লি আয়োজিত শিশু কৃষ্ণ নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১০০টকা । প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত তিনিগৰাকী প্ৰতিযোগীক ক্ৰমে ৩০০১,২০০১ আৰু ১০০১টকাৰে পুৰস্কৃত কৰা হ’ব । সবিশেষ জানিবৰ বাবে ৭০০২৬৯২৮৬৮ নাইবা ৯৩৬৫০৮০২৮৫ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!