22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

হোজাইত যুৱতীক আক্ৰমণ আৰু অন্তৰ্বাস চুৰি কৰা যুৱকক গ্ৰেপ্তাৰ

Assamese Newsহোজাইত যুৱতীক আক্ৰমণ আৰু অন্তৰ্বাস চুৰি কৰা যুৱকক গ্ৰেপ্তাৰ

হোজাইত দুটাকৈ ব্যক্তিগত ছাত্ৰীনিবাসত পৃথকে পৃথকে সংঘটিত হোৱা ঘটনাৰ লগত জৰিত পাঁচ জনকৈ যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে যুৱতীৰ অন্তৰ্বাস চুৰি আৰু উলঙ্গ যুৱকজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা ২২ফেব্ৰুৱাৰীত হোজাই নতুন বজাৰৰ এটা ব্যক্তিগত ছাত্ৰীবাসত উলংগ যুৱকৰ প্ৰৱেশ আৰু আন এটা ছাত্ৰীনিবাসৰ দুগৰাকীকৈ ছাত্ৰীক পৃথক পৃথক স্থানত কৰা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল।

ইপিনে সংবাদমধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই আৰক্ষীযে অভিযান তীব্ৰতৰ কৰি উলংগ যুৱকজনক অমৰ ৰাজকুমাৰ বুলি চিনাক্ত কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। ইফালে ছাত্ৰীক চুৰিকাঘাত কাৰ্য সংঘটিত কৰা সন্দৰ্ভত চাৰিজনক আটক কৰিছে হোজাই আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা কেইগৰাকী ক্ৰমে সুব্ৰত দাস, গোপাল ৰায়, ৰকী দেৱনাথ আৰু টিটুমনি। এই ক্ষেত্ৰত পৃথক পৃথক স্থানৰ পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰা হোজাই আৰক্ষীযে ।

উল্লেখ্য যে আটকাধিন অমৰ ৰাজকুমাৰে নিশা হলেই নতুন বজাৰৰ এটা ব্যক্তিগত ছাত্ৰীবাসত প্ৰৱেশ কৰি উলঙ্গ হৈ যুৱতীৰ অন্তৰ্বাস চুৰ কৰিছিল।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!