17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

নগাঁৱৰ তুলসীমুখৰ শংকৰী‌ সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ পৰলোক

Assamese Newsনগাঁৱৰ তুলসীমুখৰ শংকৰী‌ সংস্কৃতিৰ সাধক, বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰাৰ পৰলোক

নিউজ ব্যুৰ’,নগাঁও,৪মাৰ্চ:-নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ তুলসীমুখ নিবাসী শংকৰী সংস্কৃতিৰ সাধক,প্ৰবীণ শিক্ষাবিদ, নামাচাৰ্য সোণাৰাম বৰা(৮৭)ৰ শুক্ৰবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে । বৰাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। উল্লেখ্য যে ১৯৩৫ চনৰ ২০ মে’ত তুলসীমুখ কোঁচ গাঁৱত জন্মগ্ৰহণ কৰা বৰাই কৈশোৰ অৱস্থাৰ পৰাই পৰম ব্ৰহ্ম সনাতন শ্ৰী বিষ্ণুৰ একনিষ্ঠ আৰু নিৰৱচ্ছিন্ন আৰাধনা আৰু সাধনাত ব্ৰতী হৈ পৰিছিল।‌ ইয়াৰ সমান্তৰালকৈ তেখেত আছিল তুলসীমুখ মাধৱদেৱ হাইস্কুলৰ এজন অন্যতম প্ৰতিষ্ঠাপক তথা শিক্ষক ।‌ তেখেত একাধাৰে অসমীয়া আৰু ‌সংস্কৃত ভাষাচৰ্চাবিদ,শিক্ষাবিদ,‌মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ সাৱলীল ভাঙনি কৰোঁতা তথা সুবক্তা লগতে প্ৰাঞ্জল ভাষাৰ লালিত্য,‌যথাবিহিত শব্দসম্ভাৰেৰে ঈশ্বৰৰ বাণীবোৰৰ ভাঙনি কৰিছিল ।‌ অঞ্চলটোত মহাপুৰুষৰ ৰচিত নাট-ভাওনাৰ তেওঁ গুৰি-ধৰোঁতা,নাট-পৰিচালক তথা নৃত্য-নিৰ্দেশক ।‌ গায়ন-বায়ন, সূত্ৰধাৰলৈকে সকলোতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল । বৰগীত,ঘোষা,সংস্কৃত শ্লোক,লোকগীত পৰিৱেশনৰে তেখেত অঞ্চলটোত সাংগীতিক প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।‌ তাৰোপৰি খোল,‌তাল,মৃদংগ ,বাঁহী, নাগাৰাকে ধৰি প্ৰায় সকলোবোৰ বাদ্য,তবলা, হাৰমনিয়াম,গগণা,পেঁপা,সুতুলীকে আদি কৰি প্ৰায় ১৭ বিধ‌ সাংগীতিক বাদ্যযন্ত্ৰৰ আছিল নিপুণ বাদক ।‌ সোণাৰাম বৰা অসম সাহিত্য সভাৰ আজীৱন সভ্য,অসম নাট্য সন্মিলনৰ আজীৱন সভ্য আছিল । অসম নাট্য সন্মিলনৰ তৰফৰ পৰা “জ্যেষ্ঠ শিল্পী বঁটা”ৰে বৰাক বিভূষিত কৰিছিল । ইয়াৰোপৰি পূবেৰুণ কলা পৰিষদ,অসম‌‌ সাহিত্য সভাৰ তুলসীমুখ শাখাৰ‌ সভাপতি আৰু সম্পাদক,‌মনচুন কলা পৰিষদ,অসম সাহিত্য সভাৰ দক্ষিণপাট শাখাৰ সম্পাদকৰ আসনো শুৱনি কৰিছিল। বৰাৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ব্যক্তি,অনুষ্ঠান-প্ৰতিষ্ঠান,দল- সংগঠনৰ নেতৃবৃন্দ‌ই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে । মৃত্যুৰ সময়ত বৰাই দুই পুত্ৰ,কন্যাৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়। উল্লেখ্য যে জীৱনৰ সুদীৰ্ঘ সময় শিক্ষকতাক ব্ৰত হিচাপে গ্ৰহণ কৰা প্ৰয়াত বৰাৰ শিক্ষানুৰাগ আৰু শিক্ষকতাক ন-পুৰণি ছাত্ৰ ছাত্ৰীসকলে শ্ৰদ্ধাৰে স্মৰণ কৰিছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!