23.6 C
Assam
Monday, March 27, 2023

Featured News

গোৰোহা ফটাৰ সমস্যা? জানি থওক উপশমৰ উপায়….

শীতকালত বহুতৰে ভৰিৰ গোৰোহা ফাটে৷ এই সমস্যা...

হাত-ভৰি জিনজিননি হোৱাটো হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ

বহুতৰে প্ৰায়ে হাত আৰু ভৰিত জিনজিননি হৈ...

হিকতিৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ ঘৰুৱা উপায়

সাধাৰণতে পানী কমকৈ খোৱা বা মচলাযুক্ত খাদ্য...

ভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

Assamese Newsভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ড° মনসুখ মন্দাভিয়া আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনাৰ নামত উৎসৰ্গিত এখন ৰে’লৰ যাত্ৰা কালি নতুন দিল্লীৰ পৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে। ছত্তিশগড় সম্পৰ্কক্ৰান্তি এক্সপ্ৰেছ ৰে’লগাড়ীখন জনঔষধি আঁচনিৰ সৈতে সংযুক্ত কৰি জনঔষধি কেন্দ্ৰসমূহত পোৱা জেনেৰিক ঔষধৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। ৯ হাজাৰৰো অধিক জনঔষধি কেন্দ্ৰত ব্যয়সাধ্য দৰত এনে ঔষধ পোৱা যায়। স্বাস্থ্য আৰু ৰে’ল মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, এই ৰে’লখনে দুমাহত ৪ খনৰো অধিক ৰাজ্যৰ ১৮৪টা ষ্টেচনৰ পৰা যাত্ৰা কৰিব। একেদৰে আন ৪ খন ৰাজ্যক সামৰি পুনে আৰু দানাপুৰৰ মাজতো এনে এখন ৰে’লৰ চলাচলৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে দিয়া ভাষণত ড° মন্দাভিয়াই কয় যে, জনঔষধি কেন্দ্ৰসমূহে গুণগত মান বিশিষ্ট ঔষধ ব্যয়সাধ্য দৰত যোগান ধৰি আহিছে। তেওঁ কয় যে, ৯ হাজাৰৰো অধিক জনঔষধি কেন্দ্ৰ গুণগত মান বিশিষ্ট ঔষধ যোগানৰ বাবে কাৰ্যকৰী হৈ আছে। তেওঁ কয় যে, ব্যয়সাধ্য দৰত জেনেৰিক ঔষধ লাভৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰে’ল মন্ত্ৰালয়ে বিশেষ প্ৰচাৰ অভিযান চলাই আছে। শ্ৰীমন্দাভিয়াই কয় যে, ৰে’ল মন্ত্ৰ্যালয়ে কিছুমান ডাঙৰ ৰে’ল ষ্টেচনত জনঔষধি কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ শেষলৈ প্ৰধানমন্ত্রী জনঔষধি কেন্দ্ৰৰ সংখ্যা ১০ হাজাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!