22.6 C
Assam
Saturday, April 1, 2023

Featured News

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

“দুঘণ্টাৰ যৌন সম্পৰ্কই সফলতা আনে!”- এই চাঞ্চল্যকৰ দাবী এগৰাকী খেলুৱৈৰ

বিভিন্ন খেলুৱৈয়ে প্ৰদৰ্শন বৃদ্ধিৰ বাবে বিভিন্ন পন্থা...

ভগৱান তিৰুপতি বালাজী ধাৰত কিয় আছিল জানো আহক

Assamese Newsভগৱান তিৰুপতি বালাজী ধাৰত কিয় আছিল জানো আহক

প্ৰাচীন কথা অনুসাৰে-তিৰুপতি বালাজী কলিযুগৰ শেষৰলৈকে ধাৰত থাকিব।বালাজীৰ ওপৰত যি ধাৰ আছে-সেই ধাৰকে দিবলৈ-বালাজী মন্দিৰত ভক্তসকলে সোণ আৰু বহুমূল্য ধাতু তথা ধন দান কৰে। ( Religious Studies)

শাস্ত্ৰ অনুসাৰে-ধাৰত থকা ব্যক্তিৰ ওচৰত যিমান ধন নহওঁক কিয়-সেইজন দৰিদ্ৰয় হয়।এই নিয়মৰ অনুসাৰে-মনা হয় যে-ধনৱান হৈও দৰিদ্ৰ হয় ভগৱান বালাজী।

ধাৰত কিয় আছিল-ভগৱান তিৰুপতি বালাজী

প্ৰাচীন কথা অনুসাৰে এবাৰ মহৰ্ষি ভিগু বৈকুন্ঠলৈ গৈছিল আৰু শ্ৰেচ নাগৰ কোলাত যোগনিদ্ৰাত থকা ভগৱান বিষ্ণুৰ বুকুত এটা গুৰ মাৰিলে।তেতিয়া তৎক্ষণাত ভগৱান বিষ্ণুৱে ভৃগুৰ ভৰিত ধৰিলে আৰু সুধিলে যে-ঋষিবৰ আপোনাৰ ভৰিত দুখ পালে নি!

ভগৱান বিষ্ণুৱে মাত্ৰ এয়া কোৱাত ভৃগু ঋষিয়ে-হাত জোৰ কৰি কলে-প্ৰভূ আপুনিয়ে সকলোতকৈ সহনশীল দেৱতা হয়।সেইবাবে যজ্ঞ ভাগৰ প্ৰমূখ অধিকাৰ আপুনিয়েই হয়।কিন্তু দেৱী লক্ষ্মীৰ ভৃগু ঋষিৰ এনে ব্যৱহাৰ ভাল নাপালে আৰু তেওঁ ভগৱান বিষ্ণুৰ পৰা ৰুষ্ট হল।ৰুষ্ট এইকথাত হৈছিল যে-ভগৱান বিষ্ণুৱে ভৃগু ঋষিক দণ্ড কিয় নিদিলে! ( Religious Studies)

ৰুষ্ট হৈ দেৱী লক্ষ্মী বৈকুন্ঠ এৰি গুচি আহিল।ভগৱান বিষ্ণুৱে দেৱী লক্ষ্মীক বিচাৰিবলৈ আৰম্ভ কৰিলত-তেতিয়া তেওঁ জানিলে যে-দেৱী লক্ষ্মীয়ে পৃথিৱীত পদ্মাৱতী নামৰ কন্যা ৰূপত জন্ম লৈছে।ভগৱান বিষ্ণৱেও তেতিয়া নিজৰ ৰূপ সলনি কৰিলে আৰু পদ্মাৱতীৰ ওচৰ পালেগৈ।ভগৱান বিষ্ণুৱে পদ্মাৱতীৰ সন্মুখত বিবাহৰ প্ৰস্তাৱ দিলে-যি দেৱীয়ে স্বীকাৰ কৰি ললে।

কিন্তু এতিয়া বিবাহৰ বাবে-ধন কৰপৰা আহিব!

ভগৱান বিষ্ণুৱে এই সমস্যাৰ সমাধান উলিয়াবলৈ-ভগৱান শিৱ আৰু ব্ৰহ্মাদেৱক সাক্ষী কৰি কুবেৰ দেৱতাৰ পৰা বহু ধন ধাৰলৈ ললে।এই ধাৰৰ বাবে-ভগৱান বিষ্ণু বেংকটেশ ৰূপে- দেৱী লক্ষ্মী অংশ পদ্মাৱতীক বিবাহ কৰালে।

কুবেৰ দেৱতাৰপৰা ধন ধাৰত লোৱা সময়ত-ভগৱানে প্ৰতিজ্ঞা কৰিছিল যে-কলিযুগৰ অন্ত লৈকে তেওঁৰ সকলো ধাৰ দি শেষ কৰিব।ধাৰ সমাপ্ত হোৱা লৈকে-তেওঁ সুত দি থাকিব।ভগৱান ধাৰত থকা-এই মান্যতা অনুসাৰে-ডাঙৰ ডাঙৰ মাত্ৰাত ভক্তসকলে ধন-সম্পত্তি অৰ্পণ কৰে-যাতে-ভগৱান ধাৰৰ পৰা মুক্ত হয়।

ভক্তসকলে দান কৰা ধনৰ বাবে-আজি এই মন্দিৰ প্ৰায়-৫০হাজাৰ কৰৌৰ সম্পত্তিৰ মালিক হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!