স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয়

1 min read

মৰি গলেই যে মুক্তি পাব , তেনেকুৱা কথা নাই । দৈনিক যিমান মানুহৰ মৃত্যু হয় , তাৰ ১০০০ জনৰ এজনৰো চাগে মুক্তি নহয় । ( Religious Studies )

কৰ্ম অনুসৰি ব্যক্তিৰ পুনৰজন্ম হয় । ইচ্চা আতাইতকৈ ডাঙৰ বস্তু । জীৱনৰ শেষ সময়ৰ যি ইচ্চা থাকি যায় , সেই ইচ্চা অনুসৰিয়েই মানুহৰ পুনৰজন্ম হয় ।

যদি কোনোবাৰ কুকুৰৰ জীৱন খুব বেছি প্ৰীয় , তেন্তে ভগবানে তেওক এবাৰ কুকুৰ হৈ জন্ম হোৱাৰো সুযোগ দিয়ে ।

সন্তানৰ প্ৰতি বেছি মৰম থকা ব্যক্তিৰ মৃত্যু হলে সেই সন্তানৰ ঘৰতেই পুনৰজন্ম লয় ।

সেই বাবেই বৃদ্ধ অবস্থাত হলেও মানুহে সকলো মায়া মোহ ত্যাগ কৰি প্ৰভুৰ চৰনত শৰন লব লাগে , যাতে এই সংসাৰৰ বান্ধোন চিঙি গৈ মুক্তি পাব পাৰে ।

গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে হে অৰ্জুন , তুমি যুদ্ধ কৰা । জিকিলে মোক পাবা আৰু হাৰিলে স্বৰ্গ পাবা । অৰ্থাত সেই যুদ্ধখন আছিল সংসাৰৰ বান্ধোনৰ যুদ্ধ । যি বান্ধোনত ধন , মায়া ,মোহ আদি সকলোৱে আগুৰি আছিল । সেই বান্ধোন চিঙি ওলাই আহিব পাৰিলে আমি পৰমাত্মাত বিলিন হৈ যাব পাৰো । পৰমাত্মাত বিলিন হোৱা আত্মাৰ পুনৰজন্ম নহয় । তেওঁ সংসাৰৰ বান্ধোনৰ পৰা মুক্তি পায় ।

অৰ্জুনক আৰু কৈছিল যে তুমি হাৰিলে স্বৰ্গ পাবা । স্বৰ্গ মানে হ’ল যি ঠাইৰ ৰজা ইন্দ্ৰ আৰু যি ঠাইত মনোৰন্জনৰ সকলো ব্যৱস্থা আছে , সকলো ধৰনৰ খোৱা বস্তু , মদিৰা , সুন্দৰি আদি সকলো আছে । স্বৰ্গৰ ৰজা ইন্দ্ৰ মানে হ’ল ইন্দ্ৰীয় । য’ত ইন্দ্ৰীয়ৰ সমস্ত সুখ পোৱা যায় । ( Religious Studies )

কিন্তু স্বৰ্গ পোৱা মানে মুক্তি পোৱা নহয় । স্বৰ্গত তেতিয়ালৈকে থাকিব পাৰিব , যেতিয়ালৈকে পুন্যৰ Balance আছে । Balance শেষ মানে আকৌ কৰ্ম অনুযায়ী জন্ম লব লাগিব ।

স্বৰ্গত থকা মানেই দেৱতা নুবুযায় । আজিৰ দিনত যিবোৰ মানুহক আমি স্বৰ্গসুখী বুলি কও , তেওঁলোকেই স্বৰ্গত থকা ব্যক্তি , যিসকলে পুৰ্বজন্মত কৰা সংগ্ৰামৰ ফলত আজি স্বৰ্গসুখ পাইছে । এনেকুৱা ব্যক্তিৰ মায়া মোহ এইটো জনমতো কম দেখা যায় । কিন্তু যিসকল স্বৰ্গসুখী ব্যক্তি মায়া মোহত আবদ্ধ হৈ পুনৰ বেয়া কামত লিপ্ত হয় , তেওলোকৰ পুন্যৰ Balance শেষ হোৱাৰ লগে লগে আকৌ অধম যোনীত জন্ম লয় ।।।

এইখিনিলৈ আধ্যাত্মিক কথা আছিল । কিন্তু ইয়াৰ পিছত আছল কথাটো শুনক ।

এতিয়া যিজন মানুহে Bike চলাই বজাৰত গৈ থাকোতে দুৰ্ঘটনা হৈ মৰি যায় , নাইবা Suddenly Cardiac arrest হৈ মৃত্যু হয় , নাইবা আত্মহত্যা কৰে , তেওৰ লগত কি হয় বাৰু ??

তেওঁৰ সকলো মায়া , মোহ , ইচ্চা , আকাংক্ষ্যা থাকি যায় বাবে তেও আকৌ সেইখন ঘৰতে নাইবা সেইটো গোত্ৰতেই ঠিক আগৰ পৰিস্থিতিতেই জন্ম পায় । জন্ম হৈ তেও আগৰ দৰেই স্কুল – কলেজ কৰিব লাগিব । আগৰ দৰেই বেজি লব লাগিব , আগৰ দৰেই সকলো চলি যাব । তেওঁৰ সংসাৰৰ মায়া – মোহ আদিৰ মাজত সোমাই পৰিব ।

মৰিলেই মুক্তি নহয় । এইটো জনমত যি ঠাই পাইছে , কৰ্মৰ হিচাপ হলে হয়তো আগতকৈও অধম যোনীত জন্ম পাব পাৰে ।

গতিকে এইটো জীৱনতে সংগ্ৰাম কৰক । মৰি গলে মুক্তি পাম বুলি নাভাবিব ।

ভয়াবহ দিন আহি আছে , নিজৰ বাবে নহলেও নিজৰ সন্তানৰ বাবে সংগ্ৰাম কৰক

You May Also Like

More From Author