নগাঁৱৰ মহ’খুলিত শোকাৱহ পথ দুৰ্ঘটনা ! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন লোক

নগাঁৱৰ মহ’খুলিত শোকাৱহ পথ দুৰ্ঘটনা ! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এজন লোক

সোমবাৰে নিশা নগাঁৱৰ পৰা ৰূপহীৰ ৰেলৱে ষ্টেচনলৈ গৈ থকা অৱস্থাত AS-02-DC-0437 নম্বৰৰ এখন টাটা মোবাইল বাহনে ত্ৰলোক্য নাথ বৰদলৈৰ AS-01-BV-2737 বাহন খনক খুন্দিয়াৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো সংঘটিত কৰি টাটা মোবাইল খনৰ চালক দ্বীপ জ্যোতি বৰদলৈ পলাই যায়।

মহ’খুলিৰ একাংশ স্থানীয় লোকে আঘাতপ্ৰাপ্ত ত্ৰলোক্য নাথ বৰদলৈক ততাতৈয়াকৈ মহ’খুলিৰ চিকিৎসালয়ত ভৰ্তি কৰাই।

চিকিৎসকে ত্ৰলোক্য নাথ বৰদলৈক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও গুৱাহাটীলৈ গৈ থকা অৱস্থাতেই ত্ৰলোক্য নাথ বৰদলৈৰ মৃত্যু হয়।

দুৰ্ঘটনা সংঘটিত কৰা টাটা মোবাইল খনৰ চালক দ্বীপ জ্যোতি বৰদলৈ গটঙাৰ উখহাপাৰৰ বুলি জানিব পৰা গৈছে।

GTM Desk

Related