দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই।

দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ললে NPP মুৰব্বী কনৰাড ছাংমাই।

মেঘালয়ৰ নতুন চৰকাৰৰ শপত গ্ৰহণ। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কনৰাড ছাংমাই । শ্বিলঙৰ ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাও  উপস্থিত আছে অনুষ্ঠানত।

কনৰাড চাংমাৰ  মন্ত্ৰীসভাত স্থান লাভ কৰিছে বিজেপিৰ পন্থৰমখ্ৰা সমষ্টিৰ বিধায়ক এ এল হেকে। মন্ত্ৰিত্ব লাভ কৰিছে পশ্চিম শ্বিলঙৰ UDP বিধায়ক পল লিংডো, UDPৰ বিধায়ক ক্ৰেমেন চেলা, HSPDP বিধায়ক চাকলিয়াৰ ৱাৰজিৰিয়েও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

GTM Desk