শিৱসাগৰ জিলাৰ ইতিহাস প্ৰসিদ্ধ বকতা মৌজাৰ অন্তৰ্গত চুহুংমুং দিহিঙীয়া গাঁও বৰনামঘৰত গাঁওখনত বাস কৰা ১৭০ টা পৰিয়ালৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। কাৰ্য্যসূচী অনুযায়ী পুৱাই অসম চৰকাৰৰ আঁচনি অসম দৰ্শনৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা মুখ্য তোৰণ আৰু মণিকূটসহ নামঘৰটো উদ্বোধন কৰে ১০৭ নং থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী ব’ৰ্ডৰ অধ্যক্ষ কুশল দুৱৰীয়ে। ভাগৱত ভ্ৰমণ, নাম প্ৰসংগৰে আজি দিনৰ কাৰ্যসূচী সামৰণি পৰে। সন্ধিয়ালৈ মুখ্য বায়ন পল্লৱ বুঢ়াগোহাঁই আৰু সংগীবৃন্দৰ পৰিচালনা তথা গাঁওখনৰ শিল্পীসকলৰ অভিনয়েৰে প্ৰদৰ্শন হ’বলগীয়া ভাওনা ‘বিপ্ৰ দামোদৰ আখ্যান দন্তবক্রৰ মুক্তিলাভ’ উদ্বোধন কৰিব জনেশ্বৰ দিহিঙীয়াই। উল্লেখ্য যে, অহা বছৰত নামঘৰ ভাগিৰ ২০০ বছৰ পূৰ্ণ হ’ব।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট