17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

শিঙিমাৰী ফিলিং ষ্টেচনত ফুলেশ্বৰী ৰায় বৰুৱা নামৰ মহিলা গৰাকীয়ে পুৰুষৰ লগত একেলগে তেল বিতৰনৰ কৰ্মত নিয়োজিত…

Assamese Newsশিঙিমাৰী ফিলিং ষ্টেচনত ফুলেশ্বৰী ৰায় বৰুৱা নামৰ মহিলা গৰাকীয়ে পুৰুষৰ লগত একেলগে তেল বিতৰনৰ কৰ্মত নিয়োজিত...

সমগ্ৰ বিশ্বতে ৮ মাৰ্চৰ দিনটোত আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। নাৰীৰ প্ৰতি সন্মান, নাৰী সৱলীকৰন, নাৰীৰ শৈক্ষিক, আৰ্থিক, ৰাজনৈতিক, সামাজিক আদিকে ধৰি সমগ্ৰ দিশত শক্তিশালী ৰূপে গঢ়ি তোলাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে পালন কৰা হয় নাৰী দিৱস।


আজি নাৰীদিৱসৰ সংগতি ৰাখি বিভিন্ন স্থানত নাৰী দিৱস উদযাপন কৰা হৈছে। কিন্তু বঙাইগাঁও জিলাৰ শিঙিমাৰী ফিলিং ষ্টেচনত ফুলেশ্বৰী ৰায় বৰুৱা নামৰ মহিলা গৰাকীয়ে পুৰুষৰ লগত একেলগে তেল বিতৰনৰ কৰ্মত নিয়োজিত হৈ
ঘৰখনৰ লগতে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িছে। কেৱল শৈক্ষিক, ৰাজনৈতিক দিশতে নাৰী আগবাঢ়ি যোৱা নাই প্ৰায় প্ৰতিটো দিশতে যে নাৰী আগবাঢ়ি গৈছে ইয়াৰ জলন্ত উদাহৰণ ফুলেশ্বৰী ৰায় বৰুৱা। ফিলিং ষ্টেচনত কাম কৰি নিজকে গৌৰৱ অনুভৱ কৰা মহিলা গৰাকীয়ে নিজৰ এই কৰ্মক লৈ নিজকে সুখী বুলি কোৱাৰ লগতে আন নাৰী সকলকো যিকোনো কামকে নিম্নমানৰ বুলি নেভাবি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহ্বান জনায়। নাৰী দিৱসৰঝ কোনো আনুষ্ঠানিকতাই ফুলেশ্বৰীক স্পৰ্শ কৰিব নোৱাৰিলেও তেওৰ কৰ্মই অন্যান্য মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে।

অভয়াপুৰীৰ পৰা তপন ৰাজবংশী

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!