20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

ম‍ই ক্ষমা খুজিব লাগে যদি পূৰ্বতে ভুল কৰি অহা নাগাৰা নামৰ শিল্পীসকলেও ক্ষমা খুজিব লাগিব :কৰিশ্মা নাথ

Assamese Newsম‍ই ক্ষমা খুজিব লাগে যদি পূৰ্বতে ভুল কৰি অহা নাগাৰা নামৰ শিল্পীসকলেও ক্ষমা খুজিব লাগিব :কৰিশ্মা নাথ

মই ক্ষমা নোখোজো !

ম‍ই ক্ষমা খুজিব লাগে যদি পূৰ্বতে ভুল কৰি অহা নাগাৰা নামৰ শিল্পীসকলেও ক্ষমা খুজিব লাগিব :কৰিশ্মা নাথ

বিগত কিছুদিন ধৰি নাগাৰা নামক লৈ চলি আছে তীব্ৰ বিতৰ্ক। কৰিশ্মা নাথ (Karishma Nath) নামৰ নাগাৰা নামৰ উদীয়মান শিল্পীগৰাকীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্ক। ছচিয়েল মিডিয়াত কৰিশ্মাৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে সৃষ্টি হৈছিল এই বিতৰ্কৰ।

বহুতেই অভিযোগ কৰিছিল যে কৰিশ্মাই বিকৃত কৰিছে নাগাৰা নাম। নাগাৰা নামত বেণ্ড পাৰ্টীৰ সুৰ সংগত কৰাক লৈ কৰিশ্মাক সমালোচনাৰ লক্ষ্য কৰি লৈছিল বহুতেই। তাৰ মাজতে বহুসংখ্যক লোকে অৱশ্যে কৰিশ্মাৰ পক্ষতো থিয় হৈছিল।

বিতৰ্কৰ পিছতে সদৌ অসম নাগাৰা নাম সংঘও সৰৱ হৈ পৰিছিল কৰিশ্মাৰ বিৰুদ্ধে। কৰিশ্মাক ক্ষমা খোজাৰো দাবী তুলিছিল নাগাৰা নাম সংঘই। কৰিশ্মাই নাগাৰা নাম সংঘৰ সংবিধান উলংঘা কৰাৰ অভিযোগ তুলিছিল সংঘই। আৰু ইয়াৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তুলিছিল সংঘই।

কিন্তু কৰিশ্মা নাথৰ মন্তব্য, তেওঁ নাগাৰা নাম বিকৃত কৰা নাই। অগ্ৰজসকলে দেখুৱাই যোৱা পথেৰেই আগবাঢ়ি গৈছে তেওঁ। ৰাইজে যেতিয়ালৈ বিচাৰে তেতিয়ালৈ নাম পৰিৱেশন কৰি যাব বুলি ছচিয়েল মিডিয়াত মন্তব্য কৰিছে কৰিশ্মাই।

এই বিতৰ্কৰ পিছত যেন অধিক জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা। কৰিশ্মাই প্ৰকাশ কৰিছিল যে বিতৰ্কৰ পিছত বহু লোকে তেওঁলৈ ফোন কৰি খবৰ লৈছে, সাহস দিছে। দৃঢ়মনা কৰিশ্মাই ৰাইজৰ মৰম–আশীৰ্বাদ লৈ আগবাঢ়ি যোৱাৰ সংকল্প লৈছে।

শেহতীয়াকৈ কৰিশ্মাৰ নামৰ অনুষ্ঠানত দেখা গৈছে হাজাৰ হাজাৰ লোকৰ ভিৰ। মঙলবাৰে কমাৰগাঁও নামৰ ঠাইত নাম পৰিৱেশন কৰিছিল কৰিশ্মাই। এই অনুষ্ঠানৰ কেইখনমান ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁ। ফটোত দেখা গৈছে যে কৰিশ্মাৰ নাম চাবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। এই অনুষ্ঠানতে এগৰাকী ব্যক্তিয়ে কৰিশ্মাক তেওঁৰ এখন পেইণ্টিঙো উপহাৰ দিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!