22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

বিজেপিক উৎখাত কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে একলগ হৈছোঁ: অখিল গগৈ

Assamese Newsবিজেপিক উৎখাত কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে একলগ হৈছোঁ: অখিল গগৈ

বিজেপিক উৎখাত কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে একলগ হৈছোঁ: অখিল গগৈ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত শুকুৰবাৰে সন্ধিয়া গুৱাহাটীত দহটা বিৰোধী ৰাজনৈতিক দলৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। এআইইউডিএফ, আপ আৰু তৃণমূল কংগ্ৰেছক বাদ দি অনুষ্ঠিত হোৱা শুকুৰবাৰৰ বৈঠকে বিজেপিক প্ৰতিহত কৰাৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে একেখন মঞ্চত আছিল অখিল গগৈ, ভূপেন বৰা আৰু লুৰিনজ্যোতি গগৈ। লক্ষ্য লোকসভা নিৰ্বাচন। আকৌ বিৰোধীৰ মহাজোঁট। অৱশ্যে এইবাৰৰ মহাজোঁট সুকীয়া। এআইইউডিএফ, আপ আৰু তৃণমূল কংগ্ৰেছক বাদ দি নতুন মহাজোঁট। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ উদ্যোগত বিৰোধী ৰাজনৈতিক দলসমূহৰ ৰুদ্ধদ্বাৰ বৈঠক। অসমৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰে দহটা দলৰ নেতৃত্বই। বৈঠকত উপস্থিত আছিল এপিচিচি সভাপতি ভূপেন বৰা, জ্যেষ্ঠ বিধায়ক ভৰত চন্দ্ৰ নৰহ, কাৰ্য্যকৰি সভাপতি দ্বয় জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, ৰাইজৰ দলৰ মুৰব্বী বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা, চিপিআই (এম) ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সাংসদ অজিত কুমাৰ ভূঞাকে ধৰি ১০ টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্ব। শুকুৰবাৰৰ সভাৰ সিদ্ধান্ত অনুযায়ী ৯ এপ্ৰিলত অসমৰ ১০ টা বিৰোধী ৰাজনৈতিক দলৰ ৰাজ্যিক সন্মিলিত অনুষ্ঠিত হব। সভাৰ অন্তত অনুষ্ঠিত সংবাদ মেলত এই কথা সদৰী কৰে ভূপেন বৰাই।

বিজেপি আৰু এআইইউডিএফ দল সাম্প্ৰদায়িক দল। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এই মহাজোঁট বুলি কলে ৰাইজৰ দলৰ মুৰব্বী বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমত বিৰোধী মহাজোঁটৰ লক্ষ্য হল ১৪ খন আসন। বিজেপিক সাম্প্ৰদায়িক আৰু চৈৰাচাৰী দল আখ্যা দিছে সাংসদ অজিত কুমাৰ ভূঞা, লুৰিণজ্যোতি গগৈয়েও। দুয়ো গৰাকীনেতাই কয় যে বিজেপিক পৰাভূত কৰাটোৱে হ’ল বিৰোধীৰ মূল লক্ষ্য । শুকুৰবাৰৰ সভাত কংগ্ৰেছৰ উপৰি অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিআই (এম), চিপাআই, চিপিআই এম এল, এলডিপি, এনচিপি, জাতীয় পৰিষদ অসম, আৰজেডিৰ নেতৃত্ব উপস্থিত থাকে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!