শীত আহিলে উশাহ-নিশাহৰ সমস্যা বাঢ়ি যায়? ঔষধৰ উপৰি খাওক এইবোৰ খাদ্য

1 min read

বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হৈছে। ইয়াৰে এটা হʼল উশাহ লোৱাত কষ্ট। এই সমস্যা শীতকালত বেছিকৈ দেখা যায়। অলপ কষ্ট কৰিলেই দুৰ্বল অনুভৱ হয়। ফলত উশাহ লʼবলৈ টান হৈ পৰে। অত্যধিক চৰ্দিয়েও এই ৰোগৰ সৃষ্টি কৰিব পাৰে।

চিকিৎসকৰ মতে, বায়ুপথৰ প্ৰদাহৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। উশাহ-নিশাহৰ কষ্টৰ বাবে হাওঁফাওঁৰ বায়ুপথ সংকুচিত আৰু ফুলি উঠে। শ্লেষ্মাও জমা হয়। যদিও শীতকালত এই ৰোগ বেছি হয়, তথাপিও বছৰৰ যিকোনো সময়তে শ্বাস-প্ৰশ্বাসজনিত সমস্যা হʼব পাৰে।

শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা বহু লোকে চিকিৎসকৰ পৰামৰ্শ মতে ইনহেলাৰ ৰাখে। অৱশ্যে এই শীতকালীন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হʼলে দৈনন্দিন খাদ্য তালিকাত দুই এটা খাদ্য ৰাখিব লাগে। ই আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব।

তুলসী

বায়ু প্ৰদূষণৰ ফলত জন্ম হোৱা শাৰীৰিক সমস্যাৰ পৰা আঁতৰি ৰখাত তুলসীয়ে অতি উপকাৰী ভূমিকা পালন কৰে। চৰ্দি আৰু ঋতুভিত্তিক চৰ্দিৰ দৰে বেমাৰ কমোৱাৰ বাবে বহুতে তুলসীৰ ওপৰত নিৰ্ভৰ কৰে। শীতকালত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ তুলসী চাহ সেৱন কৰিব পাৰি। চিকিৎসকে কয় যে প্ৰতিদিনে এই ধৰণৰ পানীয় সেৱন কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা নিয়ন্ত্ৰিত হʼব। তুলসীৰ পাত পানীত সিজাই চেকি খাব লাগে। সুফল পাব।

শৰীৰৰ যত্ন লʼবলৈ আপেল এবিধ অতি উপযোগী ফল। আঁহ আৰু এন্টি অক্সিডেন্টযুক্ত আপেলে ওজন কমাবলৈ আৰু পেটৰ সমস্যাত সহায় কৰে। ইয়াৰ উপৰি আপেলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে আৰু কেন্সাৰৰ সম্ভাৱনা কমায়।

বীন

ভিটামিন এ, চি, কে, ফলিক এচিড, কেলচিয়াম, ফাইবাৰসমৃদ্ধ, সেউজীয়া বীনৰ দ্বাৰা হাড়ৰ ক্ষয় ৰোধ হয়। লগতে হাড়বোৰ মজবুত কৰি ৰখাত সহায় কৰে। তাৰ লগতে বীনেও শ্বাস-প্ৰশ্বাসজনিত সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

পালেংশাক

প্ৰটিন, আইৰণ, ভিটামিন, এন্টি অক্সিডেন্ট, ফাইবাৰ, ফছফৰাছ, পটাছিয়ামসমৃদ্ধ, পালেং শাকে চুলি, ছাল আৰু হাঁপানীৰ সমস্যা নিয়ন্ত্ৰণত ৰাখে।

You May Also Like

More From Author