চৰম অপমান! হায়দৰাবাদত নিৰ্মা গাৰ্লৰ ৰূপত উপস্থাপন মুখ্যমন্ত্ৰী ড০ শৰ্মাক…

চৰম অপমান! হায়দৰাবাদত নিৰ্মা গাৰ্লৰ ৰূপত উপস্থাপন মুখ্যমন্ত্ৰী ড০ শৰ্মাক…

বহিঃৰাজ্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চূড়ান্ত অপমান! এইবাৰ যুৱতীৰ ৰূপত উপস্থাপন কৰা হ’ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। উল্লেখ্য যে, গৃহমন্ত্রী অমিত শ্বাহক হায়দৰাবাদলৈ স্বাগতম জনাই চহৰখনত অঁৰা হৈছে বিভিন্ন পোষ্টাৰসমূহ ৷

ইয়াৰে ৱাশ্বিং পাউদাৰ নিৰ্মা শীৰ্ষক পোষ্টাৰখনত এগৰাকী যুৱতীৰ ৰূপত উপস্থাপন কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰীক ৷ কেৱল মুখ্যমন্ত্ৰী ড০শৰ্মাই নহয় আন কেইবাগৰাকীও ব্যক্তিক বৃক্ৰিত ৰূপত দেখোৱা হৈছে এই পষ্টাৰখনত। পোষ্টাৰখনত আছে মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, পশ্চিমবংগৰ শুভেন্দু অধিকাৰী।

দৰাচলতে হায়দৰাবাদ চহৰখনৰ অলিয়ে-গলিয়ে এই পোষ্টাৰসমূহ আঁৰিছে ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRSয়ে৷ দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক EDয়ে চমন জাৰি কৰাৰ প্ৰতিবাদত BRSয়ে হায়দৰাবাদৰ অলিয়ে-গলিয়ে এনেধৰণৰ ৱাশ্বিং পাউদাৰ শীৰ্ষক পোষ্টাৰ আঁৰিছে।

উল্লেখ্য যে দেওবাৰে CISFৰ ৫৪ সংখ্যক ৰেইজিং ডে পেৰেডত অংশ লবৰ বাবে চহৰখনত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

GTM Desk

Related