25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

গৰ্ভাৱস্থাত শুৱাৰ সময়ত কোঠাৰ পোহৰ কম আৰু মোবাইল-লেপটপৰ পৰা বনাব লাগে দূৰত্ব! কিয় জানেনে?

Assamese Newsগৰ্ভাৱস্থাত শুৱাৰ সময়ত কোঠাৰ পোহৰ কম আৰু মোবাইল-লেপটপৰ পৰা বনাব লাগে দূৰত্ব! কিয় জানেনে?

কিছুমানে লাইট জ্বলাই শুই ভাল পায় আনহাতে কিছুমানে আন্ধাৰত শুই ভাল পায়। কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে গৰ্ভৱতী মহিলাই শুৱাৰ আগতে লাইট অফ কৰিব লাগে, অৰ্থাৎ কোঠাটোৰ পোহৰ কমাই দিব লাগে। কাৰণ ই গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ (Gestational Diabetes) সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। গৰ্ভাৱস্থাৰ ডায়েবেটিছ গৰ্ভৱতী মহিলাক আক্ৰান্ত কৰে। গৰ্ভৱতী মহিলাৰ তেজত চেনিৰ মাত্ৰা অধিক হোৱাৰ বাবে গৰ্ভাৱস্থাৰ ডায়েবেটিছ হয়।

আমেৰিকাৰ গৱেষকসকলৰ মতে, যিসকল গৰ্ভৱতী মহিলাই শুৱাৰ তিনি ঘণ্টা আগতে বহু কৃত্ৰিম পোহৰৰ সংস্পৰ্শলৈ আহে, তেওঁলোকৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি। এই অধ্যয়নৰ মুখ্য লেখক তথা নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ স্নায়ু বিশেষজ্ঞ ডাঃ মিঞ্জি কিমে কয় যে গৰ্ভৱতী মহিলাৰ গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ বাবে পোহৰৰ সংস্পৰ্শলৈ অহাটো এক বিপদজনক কাৰক হিচাপে প্ৰমাণিত হ’ব পাৰে।

বিশেষজ্ঞসকলৰ মতে ৰাতি কৃত্ৰিম পোহৰৰ সংস্পৰ্শলৈ আহিলে এনে মহিলাৰ ক্ষেত্ৰত মেলাটনিন নামৰ হৰম’নৰ মাত্ৰা হ্ৰাস পায়। কেৱল এয়াই নহয়, শৰীৰৰ আভ্যন্তৰীণ ঘড়ীটোও বিঘ্নিত হৈ পৰে। ইয়াৰ প্ৰভাৱ তেজৰ চেনিৰ মাত্ৰাত পৰে। গৰ্ভাৱস্থাৰ ডায়েবেটিছ হ’ল গৰ্ভাৱস্থাত মহিলাৰ মাজত হোৱা উচ্চ তেজত শৰ্কৰা আৰু সাধাৰণতে প্ৰসৱৰ পিছত নোহোৱা হৈ যায়।

শিশুটিৰ মৃত্যু হ’ব পাৰে!

দ্য ছানৰ প্ৰতিবেদন অনুসৰি ৰয়েল কলেজ অৱ অব্ষ্টেট্ৰিচিয়ানছ এণ্ড গাইনেক’লজিষ্টৰ তথ্য অনুসৰি গৰ্ভাৱস্থাত ১০০ গৰাকী মহিলাৰ ভিতৰত কমেও ৪ৰ পৰা ৫ গৰাকী মহিলা এই অৱস্থাত আক্ৰান্ত হয়। যদি এই অৱস্থা ভালদৰে নিয়ন্ত্ৰিত নহয় তেন্তে ই শিশুটিৰ বাবেও মৃত্যুকে ধৰি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

শৰীৰত বহুতো গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে

ডাঃ মিঞ্জীয়ে গৰ্ভৱতী মহিলাসকলক শুৱাৰ কমেও ৩ ঘণ্টা আগতে কোনো উজ্জ্বল পোহৰৰ সংস্পৰ্শলৈ নাহিবলৈ আহ্বান জনাইছে। লগতে তেওঁ কয় যে গৰ্ভাৱস্থাত মহিলাসকলে কম্পিউটাৰ বা স্মাৰ্টফোনৰ ব্যৱহাৰ কম কৰিব লাগে। গৰ্ভাৱস্থাৰ ডায়েবেটিছৰ আন বিপদজনক কাৰকসমূহ হ’ল অতিৰিক্ত ওজন, কম সক্ৰিয় হোৱা, পলিচিষ্টিক অভাৰী চিনড্ৰম হোৱা, আৰু পৰিয়ালৰ কোনো সদস্য ডায়েবেটিছ হোৱা।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!