নগাঁও জিলাত মহিলাৰ সুৰক্ষা বৃদ্ধিৰ বাবে আৰম্ভ হ’ল গোলাপী ৰঙৰ আৰক্ষী টহলদাৰী বাহন

নগাঁও জিলাত মহিলাৰ সুৰক্ষা বৃদ্ধিৰ বাবে আৰম্ভ হ’ল গোলাপী ৰঙৰ আৰক্ষী টহলদাৰী বাহন

মহিলাৰ সুৰক্ষাৰ প্ৰসাৰৰ বাবে অসমৰ নগাঁও আৰক্ষীৰ মহিলা কোষে যোৱা ৯ মাৰ্চত গোলাপী ৰঙৰ আৰক্ষী টহলদাৰী বাহন আৰম্ভ কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে নিৰ্যাতন, হাৰাশাস্তিৰ বলি হোৱা মহিলা আৰু শিশুসকলৰ বাবে আৰামদায়ক আৰু নিৰাপদ পৰিৱেশ গঢ়ি তোলা।

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা ড’লেই যোৱা ১০ মাৰ্চত মুকলি কৰা এই বিশেষ বাহনখন নগাঁও আৰক্ষী থানাৰ মহিলা কোষৰ সৈতে সংলগ্ন হ’ব। উদ্ধাৰ কৰা শিশু ভুক্তভোগীক আৰামদায়ক অনুভৱ কৰাব পৰাকৈ ডিজাইন কৰা হৈছে এই গোলাপী ৰঙৰ বাহনখন। লাভ কৰা অভিযোগৰ ভিত্তিত গাড়ীখনে কাম কৰিব আৰু এনে অভিযোগৰ ভিত্তিত অভিযুক্তক থানালৈ লৈ যোৱা হব এই বাহনখনতে।

এই সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক লীনা ডলেই কয়- “আমাৰ ইতিমধ্যে এটা মহিলা কোষ আছিল যদিও আমি ইয়াক আধুনিকীকৰণ কৰিব বিচাৰোঁ, গতিকে আমি ইয়াৰ সৈতে এটা শিশু কোষো খুলিলোঁ। আমি ইয়াৰবাবে যিমান পাৰো বিষয়া মোতায়েন কৰিম, দায়িত্বত থকা বিষয়াৰ সৈতে মিলি মহিলাৰ কোষটোক শক্তিশালী কৰিম।”

গোলাপী ৰঙৰ টহলদাৰী বাহনৰ আৰম্ভণিৰ জৰিয়তে মহিলাসকলৰ সুৰক্ষা বৃদ্ধিৰ লগতে নিৰ্যাতন আৰু হাৰাশাস্তিৰ বিৰুদ্ধে মাত মাতিবলৈ শক্তিশালী কৰাৰ দিশত এক পদক্ষেপ। এই পদক্ষেপৰ প্ৰৱৰ্তনৰ লগে লগে নগাঁও আৰক্ষীৰ মহিলা কোষে ইতিবাচক প্ৰভাৱ পেলাব আৰু অঞ্চলটোৰ মহিলা আৰু শিশুসকলৰ বাবে এক সুৰক্ষিত পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰিছে জিলাখনৰ ৰাইজে।

GTM Desk

Related