28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

আইপিএললৈ পুনৰ চীয়াৰ লীডার্ছঃ পিচে কেনেদৰে বাচনি কৰা হয় এইসকল চীয়াৰ লীডার্ছক জানেনে ?

English Newsআইপিএললৈ পুনৰ চীয়াৰ লীডার্ছঃ পিচে কেনেদৰে বাচনি কৰা হয় এইসকল চীয়াৰ লীডার্ছক জানেনে ?

পুনৰবাৰ পুৰণি ফৰমেটেৰে উভতি আহিছে আই পি এল৷ অর্থাৎ দেশৰ মাটিত হোম আৰু এৱে ফৰমেটত খেলসমূহ অনুষ্ঠিত হৈছে৷ ইয়াৰ লগে লগে ক’ৰোনাৰ পিছত উভতি আহিছে মেচসমূহৰ অন্যতম আকর্ষণ চীয়াৰ লীডার্ছ৷ প্রতিখন মেচত ছয় আৰু চাৰি মৰাৰ পিছত চীয়াৰ লীডার্ছসকলে নৃত্য কৰা দেখা যায়৷ কিদৰে এইসকল চীয়াৰ লীডার্ছক নিয়োগ কৰা হয় তেনে প্রশ্ন মনলৈ আহে অনুৰাগীৰ মাজত৷ এইসকলক নিয়োগ কৰাৰ বাবে শ্বাহৰুখ খান, প্রীতি জিণ্টাৰ দৰে মালিকসকলে যথেষ্ঠ কষ্ট কৰিবলগীয়া হয়৷ চীয়াৰ লীডার্ছসকলক সৰবৰাহ কৰাৰ বাবে বিভিন্ন সংস্থা আছে৷

আই পি এল দলত তেওঁলোকক ল’ব বিচাৰিলে এই সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিব লাগে৷ বলীউডৰ বিভিন্ন ছবিত আইটেম ডেন্স অথবা বিভিন্ন নৃত্যৰ সময়ত বিদেশী মহিলাসকলে তাল মিলোৱা দেখা যায়৷ এই নাচসমূহত মহিলা সৰবৰাহ কৰাৰ বাবেও বিভিন্ন সংস্থা আছে৷

আই পি এলৰ সময়ত এনে ধৰণৰ কিছু সংস্থাই দলসমূহক চীয়াৰ লীডার্ছ যোগান ধৰে৷ অধিকাংশ চীয়াৰ লীডার্ছ আহে ইউক্রেইন, ৰাছিয়া, নৰৱে’, আমেৰিকাৰ দৰে দেশসমূহৰ পৰা৷ মেচৰ সময়ত ক্রিকেট অনুৰাগীক মনোৰঞ্জন প্রদান কৰা এইসকল চীয়াৰ লীডার্ছক লৈ সময়ে সময়ে বিতর্কৰো সৃষ্টি হৈছে৷ বিশেষকৈ তেওঁলোকক কম বেতন দিয়া, কু–প্রস্তাৱ দিয়া, যৌনগন্ধী মন্তব্য ইত্যাদি অভিযোগ সততে শুনা যায়৷ এনে সকলো বিতর্ক অতিক্রমি এইবাৰ আই পি এললৈ উভতি আহিছে চীয়াৰ লীডার্ছ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!