কি দৰে প্ৰাপ্ত হল বীৰ হনুমানৰ অপাৰ শক্তি জানি লওক…

1 min read

কি দৰে প্ৰাপ্ত হল-বীৰ হনুমানৰ অপাৰ শক্তি:

১/ভগৱান সূৰ্য্যই যেতিয়া-নিজৰ শক্তিৰ আধা ভাগ দি লৈ কলে-যেতিয়া হনুমানৰ শাস্ত্ৰ অধ্যয়ন কৰাৰ শক্তি আহিব,তেতিয়া মইয়ে-হনুমানক শাস্ত্ৰ জ্ঞান দিম।যাৰ দ্বাৰা হনুমান ভাল বক্তা হব।আৰু শাস্ত্ৰ জ্ঞানত হনুমানৰ সমান আন কোনো নহব।

২/ধৰ্মৰাজ যমে-হনুমানক বৰদান দিলে যে-হনুমান মোৰ দণ্ডৰ দ্বাৰা অবধ্য আৰু নিৰোগী হব।

৩/য়ক্ষৰাজ কুবেৰে বৰদান দিলে যে-এই বালকক যুদ্ধত কেতিয়াও বিষাদ নহব আৰু মোৰ গদা সংগ্ৰামত কোনেও বধ কৰিব নোঁৱাৰিব।

৪/ভগৱান শংকৰে বৰদান দিলে যে-হনুমান মোৰ আৰু মোৰ অস্ত্ৰৰ দ্বাৰা অবেধ্য থাকিব।

৫/দেৱশিল্পী বিশ্বকৰ্মাই বৰদান দিলে যে-মই নিৰ্মাণ কৰা যিমান অস্ত্ৰ আছে,সেই সকলোবোৰৰ পৰা অবধ্য থাকিব আৰু চিৰঞ্জিৱী হব।

৬/দেৱৰাজ ইন্দ্ৰই হনুমানক এই বৰদান দিলে যে-এই বালক আজিৰেপৰা মোৰ বজ্ৰ দ্বাৰা অবধ্য থাকিব।

৭/জলদেৱতা বৰুণে-এই বৰদান দিলে যে-দহ লাখ বৰ্ষ আয়ু হৈ গলেও-মোৰ পাশা আৰু জলৰ দ্বাৰা-এই বালকৰ মৃত্যু নহব।

৮/পৰমপিতা ব্ৰহ্মাই হনুমানক বৰদান দিলে যে-এই বালক,দীৰ্ঘায়ু,মাহাত্মা, আৰু সকলো ধৰণৰ ব্ৰহ্মাণ্ডৰ পৰা অবধ্য থাকিব।যুদ্ধত কোনেও এই বালকৰ পৰা জয়ী হব নোঁৱাৰিব।এই বালকে-ইচ্ছা অনুসাৰে ৰূপ ধাৰণ কৰিব পাৰিব।যি ঠাইত যাবলৈ মন গলে-যাব পাৰিব।এই বালকৰ গতি নিজৰ ইচ্ছা অনুসৰি তীব্ৰ বা শান্ত হব।

৯/ইয়াৰ বাহিৰেও-বীৰ?হনুমানে মাতা সীতাক বিচাৰি যেতিয়া অশোক বাটিকা পাইছিল,তেতিয়া মাতা সীতাই-বীৰ হনুমানক অমৰত্বৰ বৰদান দিছিল।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

You May Also Like

More From Author