প্ৰসাদ গ্ৰহণ কৰোতে এই ভুল কেতিয়াও নকৰিব

প্ৰসাদ গ্ৰহণ কৰোতে এই ভুল কেতিয়াও নকৰিব

হিন্দু ধৰ্ম আৰু সংস্কৃতিত ভগৱানক ভোগ দি প্ৰসাদ বিতৰণ কৰাটো পূজাৰ এটা জৰুৰী অংগ বুলি মনা হয়।

প্ৰায় মানুহেই প্ৰসাদ গ্ৰহণ কৰাৰ সময়ত কিছুমান জৰুৰী কথাত ধ্যান নিদিয়ে। এনেধৰণৰ মান্যতা আছে যে ওলোটা হাতেৰে প্ৰসাদ গ্ৰহণ কৰাটো শুভ নহয়। প্ৰসাদ লোৱাৰ সময়ত সদায় শুদ্ধ হাতখন ওপৰত ৰাখিব লাগে আৰু তাৰ তলত ওলোটা হাতখন ৰাখিব লাগে। কিন্তু বহুত কম মানুহে ইয়াৰ কাৰণ গম পায়।

আচলতে হিন্দু ধৰ্মত এইটো মনা হয় যে প্ৰতিটো শুভ কাম যত আপুনি শীঘ্ৰেই সকাৰাত্মক পৰিনাম পাব বিচাৰে সেই কামটো পোনে পোনে সোঁহাতেৰে কৰিব লাগে। সেইবাবে প্ৰতিটো ধাৰ্মিক কাম লাগিলে সেইয়া যজ্ঞ হওক বা দান পূণ্য সেইয়া সদায় সোঁহাতেৰে কৰিব লাগে।

যেতিয়া আমি যজ্ঞ পাতো তেতিয়া নাৰায়ণ ভগৱানক আহুতি দিয়া হয় সেইয়া ও সোঁহাতেৰেই দিয়া হয়।

হিন্দু শাস্ত্ৰত যিকোনো প্ৰকাৰৰ কৰ্ম কাণ্ড কৰাৰ সময়ত বাওঁহাতৰ ব্যৱহাৰ কৰাটো বৰ্জিত বুলি মানি লোৱা হৈছে। সেইয়া লাগিলে ভগৱানৰ মূৰ্তিত পানী ঢলাই হওক বা তেওঁক ভোজন অৰ্পণ কৰাই হওক বা যজ্ঞৰ অগ্নিত সামগ্ৰী অৰ্পণ কৰাই হওক। এই সকলোবোৰৰ বাবে সোঁহাতৰ প্ৰয়োগ কৰা হয়। ইয়াৰ বৈজ্ঞানিক কাৰণো আছে ।

আচলতে সোঁহাতক সকাৰাত্মক বুলি মানি লোৱা হয়। আমাৰ পৰম্পৰা অনুসৰি প্ৰসাদক ভগৱানৰ আশীৰ্বাদ স্বৰূপ বুলি কোৱা হয়। এইটো ভাবিয়েই আমাৰ পূৰ্ব পুৰুষ সকলে এই নিয়ম বান্ধি দিলে যে প্ৰসাদ সদায় সোঁহাতেৰে গ্ৰহণ কৰিব লাগে।

যিকোনো শুভ কাম সোঁহাতেৰে সম্পন্ন কৰা হয়।

GTM Desk