৮৯ বছৰতো স্বামীৰ শাৰীৰিক প্ৰয়োজনীয়তা! যৌনতাৰ নামত নিৰ্যাতন, অৱশেষত বৃদ্ধা পত্নীয়ে সহায় ল’লে আৰক্ষীৰ…

৮৯ বছৰতো স্বামীৰ শাৰীৰিক প্ৰয়োজনীয়তা! যৌনতাৰ নামত নিৰ্যাতন, অৱশেষত বৃদ্ধা পত্নীয়ে সহায় ল’লে আৰক্ষীৰ…

প্ৰকৃতিৰ নিয়ম সলনি কৰিলে এইজন বৃদ্ধই ! সাধাৰণতে ৬০ বছৰৰ পিছত পুৰুষৰ শৰীৰত যৌন ইচ্ছা কমি যায়। কিন্তু গুজৰাটত এই ৮৯ বছৰীয়া ব্যক্তিজনৰ বয়স বঢ়াৰ লগেলগে যৌন চাহিদা যেন বাঢ়িবহে ধৰিছে! তেওঁৰ অত্যধিক যৌন ক্ষুধা দেখি পত্নী এতিয়া বিতৃষ্ণাত ভুগিছে। পৰিস্থিতি এনেকুৱা হৈ পৰিছে যে মহিলাগৰাকীয়ে তেওঁৰ বৃদ্ধ স্বামীৰ অত্যাচাৰৰ পৰা সকাহ পাবলৈ আৰক্ষীৰ কাষ চাপিছে।

গুজৰাটৰ বদোদৰাৰ সয়াজিগঞ্জৰ বাসিন্দা বৃদ্ধাগৰাকী। ৰাজ্যখনত মহিলাসকলৰ বাবে থকা আৰক্ষীৰ হেল্পলাইন নম্বৰ ‘অভয়ম ১৮১’ নম্বৰত ফোন কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছে। মহিলাগৰাকীয়ে ফোন কৰি স্বামীৰ অসাৱধান শাৰীৰিক প্ৰয়োজনীয়তাৰ কথা বিৱৰি ক’লে। প্ৰথমতে ফোনৰ সিটো পাৰে থকা বিশেষজ্ঞ দলটোৱে ৮৭ বছৰীয়া মহিলাগৰাকীৰ কথা শুনি আচৰিত হৈছিল। এই অভিযোগ তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিল। কিন্তু মহিলাগৰাকীৰয়ে ক’লে যে স্বামীৰ অত্যাচাৰৰ বাবেই অসুস্থ হৈ পৰিছে তেওঁ। স্বামীয়ে অনবৰতে যৌন সংগম বিচাৰে।

জানিব পৰা মতে, ফোনটো পোৱাৰ পিছতে বিশেষজ্ঞ দলটোৱে বৃদ্ধ দম্পতীহালৰ ঘৰলৈ যায়। তেতিয়া গম পোৱা যায় যে বৃদ্ধ লোকজনৰ অপ্ৰয়োজনীয়তা শাৰীৰিক ক্ষুধাই শেহতীয়াকৈ তেওঁলোকৰ সম্পৰ্কত প্ৰভাৱ পেলাইছে।

এবছৰৰ আগতে বুদ্ধাগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। ইমান দুৰ্বল হৈছিল যে বিচনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হৈছিল। এনে পৰিস্থিতিত স্বামীৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ শৰীৰৰ শক্তি নাথাকে। অৱশ্যে অৱসৰপ্ৰাপ্ত অভিযন্তা স্বামীয়ে শুনিব নোখোজা বুলি অভিযোগ কৰে পত্নীয়ে।

বৃদ্ধাগৰাকীয়ে দাবী কৰে যে যদি তেওঁ যৌন সম্পৰ্কত সন্মতি নিদিয়ে তেন্তে বুঢ়াই চিঞৰি চিঞৰি তেওঁৰ মূৰত আঘাত কৰে। ৰাজহুৱা লাজমান একো নকৰে। এনে অৱস্থাত তেওঁ বাধ্য হৈ হেল্পলাইন নম্বৰত ফোন কৰিলে।
ইপিনে বিশেষজ্ঞ দলটোৱে বৃদ্ধ লোকজনৰ সৈতে কথা পাতে। যৌন ইচ্ছা নিয়ন্ত্ৰণৰ বাবে কেইবাটাও পৰামৰ্শ দিয়ে। বৃদ্ধক যোগব্যায়াম আৰু ধ্যান কৰিবলৈ কোৱা হয়। বিভিন্ন ধৰ্মীয় স্থান ভ্ৰমণ আৰু উদ্যানত জ্যেষ্ঠ নাগৰিকৰ সৈতে সময় কটোৱাৰ পৰামৰ্শও দিয়া হয়।

GTM Desk

Related