20.6 C
Assam
Tuesday, March 21, 2023

Featured News

Congress Confident to Win all 14 Lok Sabha seats in Assam

Guwahati: The Congress party in Assam is...

এইখন চহৰত সাধু-সন্তসকলৰ বাবে আছে বিনামূলীয়া বিউটি পাৰ্লাৰ

জটা হৈছে সাধু-সন্তসকলৰ আটাইতকৈ ডাঙৰ পৰিচয়। স্পষ্টকৈ...

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

GS ৰোডৰ পদপথ সেতুত অনৈতিক কাৰ্যকলাপ; অন্ধকাৰ লিফ্টত কি কৰে পদপথ সেতু?

Assamese NewsGS ৰোডৰ পদপথ সেতুত অনৈতিক কাৰ্যকলাপ; অন্ধকাৰ লিফ্টত কি কৰে পদপথ সেতু?

GS ৰোডত ২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱ নিৰ্মিত পদপথ সেতুৰ শুভাৰম্ভণি কৰিছিল। কিন্তু এতিয়া সেই পদপথ সেতুতে চলিছে অনৈতিক কাৰ্যকলাপ। হয় আপুনি ঠিকেই শুনিছে। খোদ পদপথ সেতুত নিয়োজিত হৈ থকা চিকিউৰিটি গাৰ্ডে উদঙালে এই ভয়ংকৰ তথ্য।

ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত মহিন্দ্ৰা শ্ব ৰুমৰ সমীপত ইপাৰ-সীপাৰ হ’বলৈ নিৰ্মাণ কৰা এই পদপথ সেতুখনক একপ্ৰকাৰৰ অনৈতিক কাৰ্যকলাপৰ বাবে বাচি লৈছে কিছু যুৱক-যুৱতীয়ে।

আজৱ-অদ্ভুদ কেতবোৰ ঘটনা ঘটিবলৈ লৈছে এই পদপথ সেতুত। যাৰবাবে ডিউটি কৰি বিপদত পৰিছে তাত নিয়োজিত হৈ থকা গাৰ্ডজন।

তেওঁ গুৱাহাটী টাইমছক জনোৱা মতে পদপথ সেতুখনত থকা লিফ্টটোত এতিয়া যৌনতাৰ গোন্ধ উলাইছে। কিয়নো ইপাৰ-সীপাৰ হ’বলৈ ব্যৱহাৰ হোৱা এই পদপথ সেতুখনত থকা লিফ্টটোৰ ভিতৰত লাইট বেয়া হোৱা বাবে অন্ধাকাৰময় পৰিবেশ। যাৰ বাবে একাংশ উশৃংখল যুৱক-যুৱতীয়ে তাত সোমাই বহু সময়লৈকে বাহিৰলৈ নোলায়। এদিন গাৰ্ডজনে এহাল যুৱক-যুৱতীক অসংযত অবস্থাত হাতে-লোটে ধৰাও পেলাইছে।

উল্লখ্য যে এস্কেলেটৰ আৰু খটখটি থকাৰ পাছতো অন্ধকাৰ লিফ্টটোক হে বাচনি কৰি লয় এইসকল উশৃংখল যুৱক-যুৱতীয়ে। কিন্তু আৰক্ষী-প্ৰশাসনে এইক্ষেত্ৰত কি ব্যৱস্থা ল’ব পৰৱৰ্তী সময়ত হে হ’ব লক্ষণীয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!