১১৫ বছৰীয়া বৃদ্ধা মাৰিয়াই আজিলৈ গৈ পোৱা নাই হাস্পতাল

১১৫ বছৰীয়া বৃদ্ধা মাৰিয়াই আজিলৈ গৈ পোৱা নাই হাস্পতাল

মাত্র এদিন পূর্বে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ফৰাচী সন্ন্যাসিনী ছিষ্টাৰ আন্দ্রেৰ দেহাৱসান ঘটিছে৷ ১১৮ বছৰ বয়সত আন্দ্রেৰ দেহাৱসানৰ পিছত এতিয়া ১১৫ বছৰীয়া স্পেইনৰ মহিলা মাৰিয়া ব্রানিয়াছ মোৰেৰা বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে চিহ্ণিত হৈছে৷ আশ্চর্যৰ বিষয়টো হৈছে জীৱন কালত এদিনৰ বাবেও হাস্পতাল বা স্বাস্থ্যকেন্দ্রলৈ যাবলগীয়া হোৱা নাই ১১৫ বছৰীয়া মাৰিয়াই৷ এই তথ্য পোহৰলৈ অহাৰ লগে লগে মাৰিয়াক লৈ সৃষ্টি হৈছে কৌতুহল৷

আজি গিনিজ ৱর্ল্ড ৰেকর্ডছৰ বিষয়ববীয়া ৰবার্ট ডি য়ঙে উল্লেখ কৰা অনুসৰি মাৰিয়াই উত্তৰ–পূব স্পেইনৰ ওলোট চহৰত পৰিয়ালৰ সৈতে বাস কৰি আছে৷ মাৰিয়াৰ কনিষ্ঠ কন্যাৰ বয়স ৭৮ বছৰ৷ আজিলৈকে ১১৫ বছৰীয়া মাৰিয়াক পৰিয়ালৰ কোনেও অসুস্থ অৱস্থাত দেখা নাই৷ উল্লেখনীয় যে 1907 চনৰ ৪ মার্চত ছান ফ্রান্সিস্কোত জন্ম হৈছিল মাৰিয়াৰ৷

ইতিমধ্যে মৃত্যু হোৱা এজনৰ সৈতে তিনিটা সন্তান, ১১ গৰাকী নাতি আৰু ১১ গৰাকী নাতি আছে বৃদ্ধা মাৰিয়াৰ।

GTM Desk

Related