১০০০ টাৰ ভিতৰত ১৫৮ টা যমজ সন্তান জন্ম হোৱা আজৱ চহৰখন
পৃথিৱীৰ প্ৰতিখন চহৰ কিছু বিশেষত্বৰ বাবে জনাজাত, কিন্তু বিশ্বৰ এনে এখন চহৰ আছে য’ত সৰহসংখ্যক পৰিয়ালৰ সন্তান যঁজা। সেইবাবে বেছিভাগ লোকে সেই ঠাইলৈ গ’লে বিভ্ৰান্ত হৈ পৰে। এই চহৰখন সমগ্ৰ বিশ্বতে যমজ সন্তানৰ চহৰ হিচাপে বিখ্যাত। নাইজেৰিয়াৰ ইগবো-ওৰা চহৰৰ জনসংখ্যা ২ লাখ ৭৮ হাজাৰ। এই গাওঁখন নাইজেৰিয়াৰ ৰাজধানী লাগোছৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত অৱস্থিত। বিশ্বৰ এই আজৱ চহৰখনক পৃথিৱীৰ ‘টুইন কেপিটেল’ বুলি কোৱা হয় কাৰণ ইয়াত যমজ সন্তানৰ সংখ্যা যথেষ্ট বেছি।

অৱশ্যে, যমজ সন্তানৰ সংখ্যা অধিক হোৱাৰ বাবে এইখনে একমাত্ৰ বিখ্যাত স্থান নহয়। ব্ৰাজিলৰ কানডিডো গোডোই আৰু ভাৰতৰ কেৰালাৰ এখন কোদিনী গাওঁ যমজ সন্তানৰ সংখ্যা অধিক হোৱাৰ বাবে বিখ্যাত।