নাকৰ ওপৰত হোৱা ব্লেকহেডচ দূৰ কৰাৰ ঘৰুৱা উপায়

0 min read

মানুহৰ মুখতকৈ নাকৰ ওপৰত হোৱা ব্লেকহেডচে অত্যন্ত অস্বত্বিৰ সৃষ্টি কৰে । কিন্তু এই ব্লেকহেডচ আপুনি ঘৰুৱা উপায়েৰেও দূৰ কৰিব পাৰে ।

আচলতে আমাৰ নাকৰ ওপৰত থকা গ্ৰন্থিৰ পৰা এবিধ তেল নি:সৰণ হয় । য’ত ময়লা জমা হৈ এই ব্লেকহেডচৰ সৃষ্টি কৰে ।
তেনেক্ষেত্ৰত এই জমা হৈ থকা ময়লা পৰিষ্কাৰ কৰাটো খুবেই জৰুৰী । ইয়াৰবাবে আপুনি খুব বেছি একো কৰিব নেলাগে । ঘৰতে থকা কেইটামান উপকৰণ ব্যৱহাৰ কৰিও এই ময়লা চাফা কৰিব পাৰি ।
নেমুৰ ৰস : আমাৰ ঘৰৰ প্ৰায় সকলোৰে ঘৰত নেমু টেঙা থাকে । এই নেমুৰ ৰস নাকৰ ওপৰত সানি থৈ দিব লাগে । এনেদৰে প্ৰায় সাতদিন নেমুৰ ৰস ব্যৱহাৰ কৰিলে দেখিব আপোনাৰ ব্লেকহেডচ বহুখিনি কমি গৈছে ।

কণীৰ বগা অংশ : ব্লেকহেডচ দূৰ কৰাৰ ক্ষেত্ৰত কণীৰ বগা অংশ খুবেই উপকাৰী । কণীৰ বগা অংশ খুব ভালদৰে নাকৰ ওপৰত লগাই , প্ৰয়োজনত তাৰওপৰত টিচ্যু পেপাৰেৰে ঢাকি দিব লাগে আৰু তাৰওপৰত আৰু অলপ কণীৰ বগা অংশ সানি দিব লাগে । দেখিব টিচ্যু পেপাৰত ব্লেকহেডচ লাগি আহিছে । এনেকৈ দৈনিক কৰিলে এটা সময়ত নাকৰ সকলো ব্লেকহেডচ আপোনাআপুনি নাইকীয়া হৈ যাব ।

মৌ : নাকৰ ব্লেকহেডচ দূৰ কৰাৰ অন্যতম উপায় হৈছে মৌ ৰস । নাকৰ ওপৰত মৌ ৰস লগাই কিছুসময় ৰাখি ধুই পেলাব লাগে । এনেকৈ প্ৰায় সাতদিন কৰাৰ পিছত দেখিব যে , আপোনাৰ ব্লেকহেডচ নাইকীয়া হৈ গৈছে ।

ব্লেকহেডচ ফেচপেক : এই ফেচপেক তৈয়াৰ কৰিবলৈ প্ৰথমতে আপুনি এচামুচ কৰ্ণফ্লাৱাৰ , এচামুচ কণীৰ বগা অংশ , এচামুচ কফি পাউদাৰ লৈ ভালদৰে মিহলি কৰি ল’ব লাগে । ইয়াৰপিছত নাকৰ ওপৰত প্ৰলেপ দিব লাগে । এনেকৈ নাকৰ ওপৰত প্ৰায় আধা ঘণ্টা ৰখাৰ পাছত ধুই পেলাব লাগে । সপ্তাহত অন্তত: তিনি দিন কৰিলে নাকৰ ব্লেকহেডচ নিশ্চিতকৈ দূৰ হ’ব ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটো তথ্যৰ ওপৰত আধাৰিত যদিও প্ৰয়োজন সাপেক্ষে ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

You May Also Like

More From Author