25.5 C
Assam
Wednesday, February 8, 2023

Featured News

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ; মহানগৰবাসীৰ বৃদ্ধি পাইছে শ্বাহ – প্ৰশ্বাস জনিত বেমাৰ!

দক্ষিণ-পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ দিনক দিনে...

মহানগৰীত পুনৰ সংঘটিত জঘন্য ধৰ্ষণকাণ্ড,ধৰ্ষণৰ বলি ১৩ বছৰীয়া কিশোৰী

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ পদক্ষেপ লৈ থকাৰ...

মহা শিৱৰাত্ৰিত নলবাৰীত মুকলি হ’ব ৯১ ফুট উচ্চতাৰ মহাদেৱৰ মূৰ্তি!

মহাশিৱৰাত্ৰিৰ দিনটোতে নলবাৰীত ৰাইজৰ বাবে মুকলি হ’ব...

বায়ু প্রদূষণে বিপদ মাতিছে মাতৃ গর্ভৰ শিশুৰ মস্তিষ্কলৈ

Assamese Newsবায়ু প্রদূষণে বিপদ মাতিছে মাতৃ গর্ভৰ শিশুৰ মস্তিষ্কলৈ

বায়ু প্রদূষণ যিমানেই বৃদ্ধি পাইছে সিমানেই হ্রাস পাইছে গর্ভস্থ শিশুসকলৰ মস্তিষ্কৰ বিকাশ৷ গুৰুতৰভাৱে ক্ষতি হৈছে মাতৃ গর্ভত থকা শিশুসকলৰ হাঁওফাঁও আৰু যকৃতৰ৷ চহৰাঞ্চলত দূষিত জলবায়ুৰ বাবে মাতৃ গর্ভত থকা শিশুসকলৰ জীৱনলৈ ভয়াৱহ পৰিস্থিতি নামি আহিব পাৰে বুলি এক গৱেষণা–পত্রত আশংকা কৰা হৈছে৷ অর্থাৎ গর্ভস্থ শিশুৰ শৈশৱ বিপন্ন হ’ব পাৰে অত্যধিক প্রদূষণযুক্ত চহৰবোৰত৷ বেলজিয়ামৰ হেছেল্ট বিশ্ববিদ্যালয়ৰ অধ্যাপক টিম নৌৰত আৰু তেওঁৰ সহযোগীসকলৰ এই গৱেষণাৰ সবিশেষ তথ্য প্রকাশ পাইছে ব্রিটেইনৰ সংবাদ–পত্র ‘দ্য গার্ডিয়ান’ত৷
এই গৱেষণা–পত্রত উল্লেখ কৰা হৈছে যে প্রদূষণৰ কবলত পৰা অঞ্চলবোৰত ভ্রূণৰ মস্তিষ্ক, হাঁওফাঁও আৰু যকৃতত দূষিত কণাৰ উপস্থিতি পোৱা গৈছে৷ ২০১৮ চনত লণ্ডনৰ কুইন মেৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক জনাথন গ্রিগ আৰু তেওঁৰ সহকর্মীসকলে প্রথম চহৰাঞ্চলৰ মানৱ ভ্রূণত বায়ুত ভাহি অহা দূষিত কণাৰ উপস্থিতিৰ কথা সদৰী কৰিছিল৷ হেছেল্ট বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে স্কটলেণ্ড আৰু বেলজিয়ামৰ তুলনামূলকভাৱে কম প্রদূষিত চহৰৰ ধূমপান নকৰা প্রসূতিসকলৰ ওপৰত পৰীক্ষা চলাই ভ্রূণত উদ্বেগজনকভাৱে কার্বনসহ বিভিন্ন প্রদূষণ কণাৰ উপস্থিতি পোৱা বুলি ঘোষণা কৰিছে৷ অতি দূষিত অঞ্চলবোৰৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলি গৱেষণা–পত্রত সতর্কবাণী কৰা হৈছে৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!