ফেব্ৰুৱাৰীত বজাৰলৈ আহিব নাকত দিয়া প্ৰথম কৰ’না ভেকছিন

ফেব্ৰুৱাৰীত বজাৰলৈ আহিব নাকত দিয়া প্ৰথম কৰ’না ভেকছিন

ফেব্ৰুৱাৰীত বজাৰত আহিবলৈ সাজু হৈছে ভাৰত বায়োটেকৰ তৈয়াৰী নাকত দিয়া (ইণ্ট্ৰানেজাল) কৰ’না ভেকছিন ইনকোভাক ।

হিমাচল প্ৰদেশৰ কচৌলীৰ চৰকাৰী পৰীক্ষাগাৰ চেণ্ট্ৰেল ড্ৰাগ লেবৰেটৰী (চিডিএল)ত বিশ্বৰ প্ৰথম নাকৰ ক’ভিড-১৯ ভেকছিনৰ পৰীক্ষাৰ অন্তিম পৰ্যায় চলি আছে।
চৰকাৰী সূত্ৰ অনুসৰি, ইতিমধ্যে ছটা বেচত প্ৰস্তুত কৰা ১৫ হেজাৰ নাকৰ ভেকচিন কচৌলীৰ চিডিএলত উপস্থিত হৈছে।

তাত প্ৰয়োজনীয় পৰীক্ষাৰ পাছত সেইসমূহ বজাৰলৈ প্ৰেৰণ কৰা হ’ব। ভাৰত বায়’টেকে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথম কৰ’না ভেকচিন Covaxin ৰ Nasal Incovac ৰ ব্ৰেণ্ড নাম BBV154।

হায়দৰাবাদস্থিত ভেকচিন নিৰ্মাতা কোম্পানীটোৱে যোৱা বছৰ এই ভেকচিন নিৰ্মাণৰ বাবে ভাৰতীয় ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেলৰ পৰা ক্লিয়াৰেন্স লাভ কৰিছিল।

প্ৰসংগত, স্বাস্থ্য মন্ত্ৰালয়ে জনাই যে যিসকলে ইতিমধ্যে বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিছে তেওঁলোকে ভাৰত বায়োটেকৰ নাকৰ ক’ভিড ভেকছিন বিবিভি ১৫৪ গ্ৰহণ কৰিবলৈ সক্ষম নহ’ব।

এনটিএজিআই মতে, ১৮ বছৰ বা অধিক বয়সৰ যিকোনো লোকে ইয়াক প্ৰথম বুষ্টাৰ ভেকছিন হিচাপে ল’ব পাৰে।

GTM Desk

Related