সূৰ্যৰ প্ৰভাৱত ছালত পৰা কলা দাগ দূৰ কৰাৰ ঘৰুৱা উপায়

0 min read

শীত কালত আমি সকলোৱে ৰ’দ লৈ ভাল পাওঁ । কিন্তু দৈনিক এনেকৈ ৰ’দ লোৱাৰ ফলত আমাৰ ছালৰ সাংঘাটিক ক্ষতি হয় ।
প্ৰখৰ ৰ’দে আমাৰ মুখত কিছুমান কলা দাগৰ সৃষ্টি কৰে । যাক আমি চান বাৰ্ণ বুলি কওঁ । কিন্তু আমাৰ বহুতে হয়তো নাজানে যে ৰ’দৰ বহি থকাৰ ফলত হোৱা কলা দাগ ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰি ।

১/ নেমুটেঙাৰ ৰস : মুখৰ ওপৰত হোৱা কলা দাগ দূৰ কৰাত সহায় কৰে নেমু টেঙাৰ ৰসে । যিহেতু নেমু টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । যি ছালৰ ওপৰত পৰা কলা দাগ সহজে দূৰ কৰিব পাৰে । ইয়াৰকাৰণে আমি নিশা নেমু টেঙাৰ ৰসৰ লগত ভিটামিন ই তেল মিহলি কৰি দাগৰ ওপৰত লগাই শুই থাকিব লাগে । দেখিব আপোনাৰ ছাল সুন্দৰ , পৰিষ্কাৰ হৈ পৰিছে ।
২/ বিলাহীৰ ৰস : মুখৰ ওপৰত যদি কলা দাগ অতিৰিক্ত পৰিমাণত হয় , তেন্তে আপুনি বিলাহীৰ ৰস ব্যৱহাৰ কৰক । বিলাসীৰ ৰসে আমাৰ ছালৰ ওপৰত প্ৰাকৃতিক ব্লিচিঙৰ কাম কৰে । দৈনিক বিলাহীৰ ৰস ব্যৱহাৰ কৰিলে ছাল পৰিষ্কাৰ হোৱাৰ লগতে কলা দাগো নোহোৱা হ’ব ।

৩/ গ্ৰিন টি : মুখৰ কলা দাগ দূৰ কৰাৰ কাৰণে খুব উপযুক্ত উপাদান হৈছে গ্ৰিন টি । আমাৰ প্ৰায়ভাগ লোকে গ্ৰিন টি পান কৰে। কিন্তু আমি নাজানো যে , গ্ৰিন টিত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আছে । যি আমাৰ ছাল পৰিষ্কাৰ কৰি দাগমুক্ত কৰাত সহায় কৰে ।
বি : দ্ৰ : ওপৰোক্ত উপদান কেইটা এলাৰ্জি থাকিলে ব্যৱহাৰ কৰাৰ আগে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত ।

You May Also Like

More From Author