টোপনিৰ সমস্যা দূৰ কৰিবলৈ কেইটামান টিপছ
টোপনি নোহোৱা ৰোগ বৰ্তমান সময়ৰ এক সাধাৰণ সমস্যা। বিশেষকৈ যিসকলে সম্পূৰ্ণ দিন বিভিন্ন কামৰ হেঁচাত থাকে আৰু বিষন্ন হৈ থাকে তেওঁলোকৰ বাবে ই মাৰাত্মক ৰূপ ধাৰণ কৰে। আনহাতে, যিসকলে শ্বিফটিং ডিউটি কৰে তেওঁলোকৰো এই সমস্যা আছে। খাদ্যাভ্যাসৰ কাৰণে আৰু প্রয়োজনীয় পুষ্টি নাপালেও ইনছোমিয়া বা টোপনি নোহোৱা ৰোগ হ’ব পাৰে।
ইয়াত কিছু পদ্ধতিৰ বিষয়ে আলোচনা কৰা হৈছে যিবোৰে টোপনিৰ ৰোগৰ ক্ষেত্ৰত কাৰ্যকৰী ফল দিব পাৰে। মনত ৰাখিব, এয়া মাথোঁ কেইটামান প্ৰাকৃতিক উপায়হে। ইয়াৰ দ্বাৰা ফল নহ’লে ডাক্তৰৰ পৰামৰ্শ নিশ্চিতভাৱে ল’ব লাগিব। আনহাতে, এইবোৰৰ কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া নাই, সেয়েহে যিকোনো লোকে ইয়াৰ সহায় ল’ব পাৰে।
১. যিবোৰ খাদ্যত মেগনেছিয়াম
আছে সেই খাদ্য বেছিকৈ খাব। যেনে- সেউজীয়া শাক-পাচলি, কল, চীনা বাদাম, পেস্তা বাদাম ইত্যাদিত প্রচুৰ পৰিমাণৰ মেগনেছিয়াম আছে। পুৱাৰ খাদ্যত নিয়মিত কল আৰু ফল যোগ কৰিব পাৰে। আনহাতে, দুপৰীয়াৰ খাদ্যৰ মেনুত নিয়মিত শাক ৰাখিব পাৰে।
২. মুছলিমসকলৰ বাবে নামাজ পঢ়াটো
টোপনিৰ ৰোগ দূৰ কৰাত অত্যন্ত ফলপ্ৰসূ। যিসকল মুছলমানে পাঁচ ৱাক্ত নামাজ পঢ়ে তেওঁলোকৰ মাজত টোপনি নোহোৱাৰ
সমস্যা খুব কম। চুন্নত আৰু নফলসহ সকলো নামাজ পঢ়িলে দৈনিক ভিন্ন ভিন্ন সময় মিলাই
প্রায় এক ঘন্টা সময় লাগে। শাৰীৰিক ব্যায়ামৰ লগতে বিষন্নতা আঁতৰাবলৈ বহু সুবিধা হয়।
ফজৰৰ আৰু ইশাৰ নামাজ জামাতৰ সৈতে পঢ়িলে টোপনি এক নিয়ন্ত্রিত সময়ৰ ভিতৰতে আহে। নামাজ পঢ়িলে ক্লান্তি নোহোৱা হয়, হাত, ভৰি, মূৰ, পেট আৰু কঁকালৰ ব্যায়াম হয়।
৩. অমুছলিম তথা নামাজ নপঢ়াসকলে
যোগা কৰিব পাৰে। ইউটিউবত ভিন ভিন সময়ৰ ৰুটিন মাফিক বিভিন্ন যোগাৰ ভিডিও পাব।
৪. ব্যায়াম আৰু খোজকঢ়াই
অতি ভাল কাম দিয়ে। কিন্তু শোৱাৰ আগমুহূর্তত নহয়। শোৱাৰ অতিকমেও ৪ ঘন্টা বা তাৰো আগতে ব্যায়াম,
খোজকঢ়া আৰু পৰিশ্রমৰ কাম শেষ কৰিব লাগিব।
৫. চেনি কম খাব
যিসকলে খুব বেছি পৰিশ্রম নকৰে তেওঁলোকে প্রতিদিনে ২৫ গ্রামৰ বেছি চেনি খোৱাত ইতিমধ্যে ডাক্তৰৰ নিষেধাজ্ঞা আছে। চেনি খুব সহজে হজম হয়। টোপনিৰ পূৰ্বে এনে খাদ্য খাব লাগে যি সহজে হজম নহয়। আৰু শোৱাৰ অতিকমেও দুই ঘন্টা আগতে খাদ্য খাব লাগে।
৬. ডাক্তৰৰ পৰামর্শ্ অনুযায়ী
মেলাটনিন গ্রহণ কৰিব পাৰে।
৭. লাইট থেৰাপি
কার্যকৰী হ’ব পাৰে। অৱশ্যে যিসকল ঘৰৰ বাহিৰত বেছি সময় থাকে তেওঁলোকৰ হয়তো ইয়াৰ প্ৰয়োজন নাই। সূর্যৰ পোহৰত একেবাৰে যিসকল নাযায় তেওঁলোকে লাইট পোষ্টৰ ওচৰত ৩০ মিনিটমান থাকি চাব পাৰে।
৮. চাহ, কফি শক্তিবৰ্ধক পানীয়
সন্ধিয়াৰ পিছত বা শোৱাৰ কমেও চাৰি ঘন্টা পূৰ্বৰ পৰাই বাদ দিব লাগে।
৯. লেভেণ্ডাৰৰ
ঘ্রাণ আৰু তেলটোপনিৰ বাবে সহায়ক।
১০. বহুতে ভাবে এলকহল
গ্রহণ কৰিলে টোপনি ভাল হয়। প্ৰকৃততে সেয়া নহয়। দীর্ঘম্যাদীভাৱে
ই টোপনি নোহোৱাৰ বাবে দায়ী। বহুতৰ আকৌ টোপনি কেৱল ধুমপানৰ নিচাৰ কাৰণে ভাঙি যায়।
১১. ট্রিপটোফেনে
টোপনি নিয়ন্ত্রণ হৰমন সৃষ্টিত সহায় কৰে। সেয়ে ট্রিপটোফেন সমৃদ্ধ খাদ্য খাব পাৰে। গাখীৰ, কণী,
মাছ, মুৰ্গী আৰু মিঠালাওত প্রচুৰ ট্রিপটোফেন আছে।
১২. নিশা ঘৰৰ
তাপমাত্রা কম ৰখা উচিত। বিশেষকৈ দিনতকৈ ৰাতি কম তাপত থাকিব লাগে।
১৩. ঘৰত শব্দ
হৈ থাকিব নালাগে।শব্দ প্ৰদূষণ ৰোধৰ বাবে এয়াৰ প্লাগ ব্যৱহাৰ কৰিব পাৰে।
১৪. শোৱনি কোঠাত টিভি
বা ছাউন্ড ছিষ্টেম থাকিব নালাগে। অন্য কোনোৱে টিভি চাই থাকিলে হেডফোন ব্যৱহাৰ কৰিবলৈ ক’ব লাগে।
১৫. পোহৰ নুমুৱাই
শুব লাগে।পোহৰ টোপনিৰ বাবে ক্ষতিকাৰক।
১৬. সদায় ঢিলা
পোছাক পিন্ধি শুব লাগে।
শোৱা আৰু একে সময়তে উঠাৰ অভ্যাস কৰিব লাগে।
১৮. সপ্তাহৰ শেষত
বহু ৰাতিলৈ উজাগৰে থকা আৰু দিন দুপৰলৈ শোৱা অভ্যাস নকৰাই ভাল।