৮-১১ মাৰ্চত গুৱাহাটীত ৪৩ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ

1 min read

 

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰীঃ অসম এথলেটিকছ সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ ৮-১১ মাৰ্চলৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৪২ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ প্ৰতিযোগিতা। এই প্ৰতিযোগিতা ল’ৰা-ছোৱালী উভয় শাখাত অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৮, অনূৰ্ধ্ব ২০ আৰু পুৰুষ-মহিলাৰ ছিনিয়ৰ শাখাত অনুষ্ঠিত হ’ব। অনূৰ্ধ্ব ১৪ শাখাৰ ইভেন্ট সমূহ ক্ৰমে- ৬০ মিটাৰ দৌৰ, ৬০০ মিটাৰ দৌৰ, হাই জাম্প, লং জাম্প, শ্বটপুট আৰু বল থ্ৰ’। অনূৰ্ধ্ব ১৬ৰ ইভেন্টসমূহ হ’ল- ১০০ মিটাৰ দৌৰ, ৩০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ২০০০ মিটাৰ দৌৰ, ৮০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, লং জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ৫০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে। অনূৰ্ধ্ব ১৮ত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৩০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লং জাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক আৰু মীডলে ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব । অনূৰ্ধ্ব ২০ বছৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব । আনহাতে, ছিনিয়ৰ পুৰুষ-মহিলাৰ শাখাত ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ দৌৰ, ৪০০ মিটাৰ দৌৰ, ৮০০ মিটাৰ দৌৰ, ১৫০০ মিটাৰ দৌৰ, ৫০০০ মিটাৰ দৌৰ, ১০,০০০ মিটাৰ দৌৰ, ১১০ মিটাৰ হাৰ্ডলছ, ৪০০ মিটাৰ হাৰ্ডলছ, হাই জাম্প, প’লভন্ট, লংজাম্প, ত্ৰিপল জাম্প, শ্বটপুট, ডিছকাছ থ্ৰ’, জেভেলিন থ্ৰ’, হেমাৰ থ্ৰ’, ১০,০০০ মিটাৰ ৰেচ ৱাক, ৪x১০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ ৰীলে ইভেন্টসমূহ অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩৫ খন জিলাৰ ৯০০ খেলুৱৈ আৰু অফিচিয়েলে অংশগ্ৰহণ কৰিব বুলি শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত অসম এথনেটিকছ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে জানিবলৈ দিয়ে।

You May Also Like

More From Author