ISISক মুকলি সমৰ্থন জনাই STFৰ জালত পৰিল ভাৰতক ঘিণ কৰা IIT গুৱাহাটীৰ ছাত্ৰ

ISISক মুকলি সমৰ্থন জনাই STFৰ জালত পৰিল ভাৰতক ঘিণ কৰা IIT গুৱাহাটীৰ ছাত্ৰ

ISISক সমৰ্থন আই আই টি গুৱাহাটীৰ (IIT Guwahati) ছাত্ৰৰ। LinkedInত পোষ্ট দি STFৰ জালত বায়’টেকন’লজীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকী। শনিবাৰে সন্ধিয়া ৰাজহুৱা হৈছিল তৌছিফ আলী ফাৰুকীৰ LinkedIn পোষ্ট। যি পোষ্টত প্ৰকাশ পাইছিল আই আই টি গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীৰ ৱাৰত বিদ্বেষ। ভাৰতীয় সংবিধানকো অৱমাননা কৰিছিল ফাৰুকীয়ে। সেই বিতৰ্কিত পোষ্ট ৰাজহুৱা হোৱাৰ পাছতে হাহাকাৰ লাগিল আৰক্ষীৰ। হুৱাদুৱা লাগিল আই আই টি গুৱাহাটীত। দেশৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰই দিয়া ভাৰত বিৰোধী পোষ্ট দেখা মাত্ৰকে IIT কৰ্তৃপক্ষয়ো বিচাৰি চলাথ কৰিলে তৌছিফ আলী ফাৰুকীক। কিন্তু IIT কেম্পাচৰ ভিতৰত কৰ্তৃপক্ষই বিচাৰি নাপালে তৌছিফ আলী ফাৰুকীক।

 

 

তৌছিফৰ সন্ধান ওলাল হাজোৰ দমদমাত। হাতত ইছলামিক পতাকা লৈ গুৱাহাটীৰ পৰা হাজোলৈ খোজকাঢ়ি গৈ থকা তৌছিফ আলী ফাৰুকীক আৱদ্ধ কৰিলে দমদমাৰ ৰাইজে। ধৰা পৰাৰ পাছতো দমি নগ’ল তৌছিফ। মোবাইল কেমেৰাৰ সন্মূখতে হাতৰ পতাকাখন ISISৰ বুলি দম্ভালি মাৰিলে তৌছিফ আলী ফাৰুকীয়ে। তেতিয়াই স্থানীয় লোকে জব্দ কৰিলে তৌছিফে লগত অনা দুটাকৈ চোকা অস্ত্ৰ।

হাতত ISISৰ পতাকাৰ লগতে কঁকালৰ খোচনীত দুখন ছুৰী লৈ আন্ধাৰে মুন্ধাৰে খোজকাঢ়ি গৈ থকা যুৱকক সোধাপোছা কৰিলে ৰাইজে। সোধাপোছাত হিন্দীভাষী তৌছিফৰ ঘৰ দিল্লীৰ জামিয়ানগৰত বুলি জানিব পাৰিলে স্থানীয় লোকে। তেনেতে ঘটনাস্থলীত উপস্থিত হোৱা হাজো আৰক্ষীয়ে চমজি লৈ STFক গতাই দিলে IIT গুৱাহাটীৰ বায়’টেকন’লজীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীক। সম্প্ৰতি অধিক তথ্যৰ বাবে STF এ জেৰা চলাইছে ভাৰত ৰাষ্ট্ৰক ঘিণ কৰা IITৰ মেধাৱী ছাত্ৰ তৌছিফ আলী ফাৰুকীক।

Shahnawaz Hamza

Related