অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি

অসম গৌৰৱ যমুনা বড়ো আৰু সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি

নতুন চৰকাৰৰ আমোলত জনতা ভৱনৰ বাহিৰত আজি প্ৰথম খন কেবিনেট বৈঠক অনুষ্ঠিত হয়। কইনাধৰাত পুনৰ প্ৰাণ পাই উঠিল ৰাজ্যিক অতিথিশালা। কইনাধৰাত শেষ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ২০১৬ৰ ২০ মে’ত। কেবিনেট বৈঠকৰ অন্তত কিছুসময়ৰ পিছতেই সংবাদমেলৰ জৰিয়তে সিদ্ধান্তৰ কথা ঘোষণা কৰে। কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত সমুহ হৈছে-

বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিব চৰকাৰে। ৩ ছেপ্টেম্বৰত দুয়োকে প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ। শিলচৰ মেডিকেল কলেজত ঠিকাভিত্তিক নিউৰ’ চাৰ্জন নিযুক্তিৰ সিদ্ধান্ত কেবিনেটৰ। প্ৰশাসনিক সংস্কাৰত গুৰুত্ব আৰোপ কৰিব কেবিনেটে। আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান কেবিনেটৰ। ক’ভিড ব্যয়ৰ অনুমোদনৰ কৰ্তৃত্ব প্ৰদান কৰিব উপায়ুক্তক। এতিয়াৰে পৰা ৰাজীৱ গান্ধী অভয়াৰণ্য খন ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে পৰিচিত হ’ব।

ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়লৈ ১ লাখকৈ সাহায্য প্ৰদান কৰিব চৰকাৰে। ২ অক্টোবৰত হিতাধিকাৰীৰ মাজত চেক প্ৰদান কৰিব অভিভাৱক মন্ত্ৰীসকলে।

GTM Desk