প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

প্ৰলয়ংকৰী বানৰ পাছত নগাঁৱত জাপানীজ এনকেফেলাইটিছত ৩ আৰু ডায়েৰীয়াত ৩জনৰ মৃত্যু

নিউজ ব্যুৰ’,নগাঁও,১২জুলাই:– প্ৰলয়ংকৰী বানে তচনচ কৰি যোৱাৰ সময়তে নগাঁও জিলাত জাপানীজ এনকেফেলাইটিছ আৰু ডায়েৰীয়া ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বৰ্তমান পৰ্যন্ত জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত ৰোগৰ সংখ্যা ১২ গৰাকীলৈ বৃদ্ধি পাইছে ।

জুন মাহৰ পৰা আৰম্ভ হোৱা এই ৰোগত আক্ৰান্তৰ ভিতৰত ৩গৰাকীৰ মৃত্যু হৈছে । মৃত্যু হোৱা ব্যক্তিকেইজন হৈছে—খুটিকটীয়াৰ সদানন্দ বৰুৱা,হাৰিয়ামুখৰ লক্ষীকান্ত নাথ আৰু দগাঁৱৰ হামিদুল ইছলাম । ইপিনে বেবেজীয়াৰ ক্ষীৰকান্ত শইকীয়া,কামপুৰৰ প্ৰবীণ বৰা,লাওখোৱাৰ ছাহিদা খাটুন,শিঙিমাৰীৰ ৯বছৰীয়া শিশু আকমল, নগাঁও চহৰৰ লাওখোৱা পথৰ নীলাক্ষী ফুকন(৫১), ফুলগুৰিৰ মণিমা দাস(৬৭),দীঘলদৰিৰ চন্দ্ৰকান্ত নাথ(৬২),বাৰপূজীয়া গান্ধীবড়িৰ ইন্দ্ৰমোহন নাথ (৬০)আৰু কামপুৰ তেতেলীসৰাৰ নিকুঞ্জলি দাস(৪৭) এতিয়াও আক্ৰান্ত হৈ আছে জাপানীজ এনকেফেলাইটিছত ।

ইয়াৰে নীলাক্ষী ফুকন গুৱাহাটীৰ জি এন আৰ চিত,মণিমা দাস নেমকেয়াৰত,চন্দ্ৰকান্ত দাস জি এম চিত,ইন্দ্ৰমোহন নাথ হেলথ চিটিত আৰু নিকুঞ্জলি দাস আয়ুসচন্দ্ৰা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইপিনে জিলাখনত জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত জিলা মেলেৰিয়া বিভাগেও কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে । সেই অনুসৰি জিলা মেলেৰিয়া বিভাগে ৰাইজৰ মাজত সজাগতা সভা, আঁঠুৱা ঔষধিকৰণ,ফ’গিং আদিৰ ব্যৱস্থা কৰিছে । জিলাখনৰ বানক্ৰান্ত অঞ্চল লাওপানী,পুঠিমাৰী, জুকুটা স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত স্বাস্থ্যকৰ্মীসকলে মেলেৰিয়া,ডেংগু,জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ সন্দৰ্ভত সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিছে । ইপিনে জিলাখনৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত পানী শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে ডায়েৰীয়াৰ সংক্ৰমণো বৃদ্ধি হৈছে ।

জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা অনুসৰি বৰ্তমানলৈকে জিলাখনত ৪০গৰাকীতকৈ অধিক লোক ডায়েৰীয়াত আক্ৰান্ত হৈছে । পৰিতাপৰ কথা যে ডায়েৰীয়াত আক্ৰান্ত হোৱাসকলৰ ভিতৰত তিনিগৰাকী মহিলাৰ মৃত্যু হৈছে । ইতিমধ্যে মৃত্যু হোৱা মহিলা কেইগৰাকী হৈছে—কাকতি গাঁৱৰ হিমাজী বেগম (৩০),ধনঞ্জয় ডোবাৰ বুলবুলি বেগম(৪০) আৰু ডাবলোবিলৰ চুলতানা (২৭) । উল্লেখ্য যে ৰহা আৰু কামপুৰ ৰাজহ চক্ৰৰ কাকতি গাঁও,পদুমণি,ডাবলো,ধনঞ্জয় ডোৱা আদিত ডায়েৰীয়াত বহু লোক আক্ৰান্ত হৈছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

GTM Desk

Related