26.2 C
Assam
Monday, August 8, 2022

Featured News

নগাঁৱৰ গোমোঠাগাঁৱত ৯বস্তাকৈ চোৰাং শামুক উদ্ধাৰ

নিউজ ব্যুৰ',নগাঁও,৬আগষ্ট:--নগাঁও জিলাৰ ইটাচালী টাউন আৰক্ষী চকীৰ...

BTR CEM Pramod Boro Lauds NTPC GEM Initiative

On Friday, BTR CEM Pramod Boro interacted...

জাগীৰোডলৈকে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিলে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ

Assamese Newsজাগীৰোডলৈকে ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিলে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ

নিউজ ব্যুৰ’,নগাঁও,১৩জুলাই:–জাগীৰোডলৈ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণৰ বিষয়টোৱে উদিগ্ন কৰি তুলিছে মধ্য অসমৰ জাতীয় দল-সংগঠনক ।

সেয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত গঠন কৰা হৈছে যৌথ মঞ্চ । এই যৌথ মঞ্চই ৰাজধানী সম্প্ৰসাৰণৰ বিষয়টো বিৰোধিতা কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছে । কাৰণ ৰাজ্যৰ ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ হ’লে খিলঞ্জীয়াৰ হাতত নাথাকিব ভূমিৰ অধিকাৰ । ভংগ হ’ব ট্ৰাইবেল বেল্ট এণ্ড ব্লক । অস্তিত্বৰ সংকটে দেখা দিব মধ্য অসমৰ জনজাতি লোকসকলৰ । সেয়ে ইয়াৰ বিৰোধিতা কৰি কালি সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত আছু,অজাযুছাপ, বীৰ লাচিত সেনা,আদিবাসী ছাত্ৰ সন্থা,কাৰ্বি ছাত্ৰ সন্থাকে আদি কৰি মুঠ ১৩টি সংগঠনক লৈ গঠন কৰে যৌথ মঞ্চ ।

যাৰ জৰিয়তে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন চলাই যোৱাৰ পোষকতা কৰে । সেয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ৰাজধানী সম্প্ৰসাৰণ বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে যৌথ মঞ্চই । ইয়াৰ উপৰি যৌথ মঞ্চই এলানি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে । যাৰ অংশ ৰূপে অহা ১৫জুলাইত ৰূপায়ণ কৰা হ’ব পথ অৱৰোধ কাৰ্যসূচী । নগাঁও জিলাৰ ৰহাৰ লগতে মৰিগাঁও জিলাৰ জাগীৰোড আৰু কামৰূপ জিলা(গ্ৰাম্য)ৰ সোণাপুৰত একেলগে গ্ৰহণ কৰিছে পথ অৱৰোধ কাৰ্যসূচী যৌথ মঞ্চই ।

ইয়াৰ পাছতো যদি ৰাজ্য চৰকাৰে সিদ্ধান্ত বাতিল নকৰে তেন্তে পহিলা আগষ্টৰ পৰা ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিছে যৌথ মঞ্চই । কাৰণ ৰাজধানী সম্প্ৰসাৰণ হোৱাৰ লগতে সমান্তৰালভাৱে গুৱাহাটীৰ পৰা জাগীৰোডলৈ নিৰ্মাণ কৰা হ’ব আঠ শাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ । এনে পৰিপ্ৰেক্ষিতত তিৱা লোকসকলৰ ভূমিৰ বিলুপ্ত হোৱাৰ লগতে “ট্ৰাইবেল বেল্ট এণ্ড ব্লক” ভংগ হৈ পৰিব । সেয়ে চৰকাৰৰ এই সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব বুলি হুংকাৰ দিছে যৌথ মঞ্চই ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও |

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: