আইআইটি প্ৰৱেশ পৰীক্ষা জেইই-এ ই-এডভান্সডৰ ফলাফল ঘোষণা !

আইআইটি প্ৰৱেশ পৰীক্ষা জেইই-এ ই-এডভান্সডৰ ফলাফল ঘোষণা !

ঘোষণা কৰা হ’ল জেইই-এডভান্সডৰ ফলাফল । এইবেলি হায়দাবাদ জোনৰ ভাভিলালা চিডবিলাস ৰেড্ডীয়ে আইআইটি প্ৰৱেশ পৰীক্ষা JEE-Advancedত শীর্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

পৰীক্ষা অনুষ্ঠিত কৰা আইআইটি গুৱাহাটীৰ মতে ৰেড্ডীয়ে ৩৬০ নম্বৰৰ ভিতৰত ৩৪১ নম্বৰ লাভ কৰিছে। আইআইটি হায়দৰাবাদৰ নায়কান্তি নাগা ভৱ্য শ্রী ২৯৮ নম্বৰৰেৰে ছাত্ৰীৰ ভিতৰত শীর্ষ স্থানত আছে।

উল্লেখ্য আইআইটি-জেইই এডভান্সডত দুয়োখন কাকতৰ বাবে মুঠ ১,৮০,৩৭২ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

তেওঁলোকৰ ভিতৰত ৪৩,৭৭৩ গৰাকী পৰীক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আইআইটি গুৱাহাটীৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে এইবেলি মুঠ পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩৬,২০৪ জন ছাত্ৰ আৰু ৭,৫০৯ গৰাকী ছাত্ৰীয়ে জেইই এডভান্সড ২০২৩ উত্তীৰ্ণ হৈছে।

GTM Desk

Related