মোহময়ী অভিনেত্ৰীৰ বিৰুদ্ধে কি এই অভিযোগ, জেকুলিনৰ ৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত
সুকেশ চন্দ্রশেখৰৰ সৈতে সম্বন্ধ ৰখাৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)এ এইবাৰ তলব কৰিল শ্রীলংকান অভিনেত্রী জেকুলিন ফার্নাণ্ডেজ। জনা মতে, প্রায় চাৰে সাত কোটি টকাৰ অবৈধ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে তেওঁৰ হাতত। ইয়াৰে ৫ কোটি ৭১ লাখ টকাৰ সম্পদ সুকেশে উপহাৰ দিছিলে, ক’লা টকা বগা কৰিবলৈ। কেৱল সেয়াই নহয়, সুকেশে জেকুলিনৰ পৰিয়ালৰ সদস্যৰ বাবেও ১,৭৩,০০০ মার্কিন ডলাৰ আৰু প্রায় ২৭,০০০ অষ্ট্ৰেলিয়ান ডলাৰ খৰচ কৰিছে। এই সকলো ধন বেআইনী পথেৰে উপার্জন কৰা বুলি জনা গৈছে। সেয়ে সমস্ত সম্পত্তি এতিয়া বাজেয়াপ্ত কৰাৰ উদ্যোগ লৈছে ইডি। উল্লেখ্য যে বিগত বছৰত ছদ্মবেশত দিল্লীৰ এজন ব্যৱসায়ীৰ পত্নীৰ পৰা ২১৫ কোটি টকা লোৱাৰ বাবে সুকেশক গ্রেপ্তাৰ কৰিছিল ইডিয়ে। তেওঁৰ সৈতে এইবাৰ জেকুলিনৰ নাম সাঙোৰ খাইছে।