Jio গ্ৰাহকে পুনৰ Free কে লাভ কৰিব ২ বছৰলৈ সীমাহীন ৰিচাৰ্জ

Jio গ্ৰাহকে পুনৰ Free কে লাভ কৰিব ২ বছৰলৈ সীমাহীন ৰিচাৰ্জ

নতুন বছৰ হওক বা উৎসৱৰ বতৰ হওক। ৰিলায়েন্স জিঅ’ প্ৰতিবাৰে গ্ৰাহকসকলক আচৰিত কৰিবলৈ সাজু। মুকেশ আম্বানিৰ কোম্পানীৰ সেই পৰম্পৰাটো অবিৰতভাৱে চলি আহিছে। এইবাৰ জিঅ’ ফোন ২০২১ (JioPhone 2021) মুকলি হৈছে। যাৰ সৈতে আপুনি লাভ কৰিব বহু ডাঙৰ অফাৰ।

জিঅ’য়ে শুকুৰবাৰে ব্যৱহাৰকাৰীসকলৰ বাবে এটা নতুন অফাৰ ঘোষণা কৰিছিল। যদি আপুনি ১,৯৯৯ টকা দি জিঅ’ ফোন ক্ৰয় কৰে, তেন্তে আপুনি ২বছৰৰ সীমাহীন ৰিচাৰ্জ পাব। একে সময়তে, আকৰ্ষণীয় ইণ্টাৰনেট ডাটা অফাৰো উপলব্ধ হ’ব।

সমান্তৰালকৈ জিঅ’য়ে আন এটা অফাৰো আগবঢ়াইছে। য’ত ব্যয়ও অলপ কম। ১,৪৯৯ টকা খৰচ কৰি ২০২১ ৰ অফাৰত জিঅ’ ফোন ক্ৰয় কৰিলে, ১২ মাহৰ ভইচ কল সেৱা বিনামূলীয়াকৈ পাব। একে সময়তে, আপুনি প্ৰতি মাহে 2GB ডাটাও পাব।

কেৱল সেয়াই নহয়, জিঅ’ ফোন ব্যৱহাৰকাৰীসকলৰ বাবে আন এটা অফাৰো ঘোষণা কৰা হৈছে। ৭৪৯ টকাৰে ৰিচাৰ্জ কৰিলে ১২ মাহ ভইচ কল আৰু 2GB ডাটা সেৱাৰ লাভ কৰিব।

Source – Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related