23 C
Assam
Saturday, March 25, 2023

Featured News

উপ–নির্বাচনৰ বাবে সাজু গোসাঁইগাঁও, সংবাদমেলত UPPLৰ প্ৰতিদ্বন্দ্বী কোনো নাই বুলি দা‍বী প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ  

Assamese Newsউপ–নির্বাচনৰ বাবে সাজু গোসাঁইগাঁও, সংবাদমেলত UPPLৰ প্ৰতিদ্বন্দ্বী কোনো নাই বুলি দা‍বী প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ  
Author: G Barman:
আজি গোসাঁইগাঁও প্ৰেছ ক্লাবত বিয়লিৰ ভাগত আগন্তুক উপ–নিৰ্বাচনক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সংবাদ মেল। সংবাদমেলত উপস্থিত থাকে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ লগতে জিৰণ বসুমতাৰী। ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু কুমাৰ ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত সভাত ইউপিপিএলৰ সাংগঠনিক সম্পাদিকা মফিদা খাতুন, ছিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰীকে ধৰি বিভিন্ন নেতা উপস্থিত থাকে সংবাদ মেলত। লৰেন্স ইছলাৰীয়ে সংবাদ মেলত কয় যে বিজেপিৰ লগত ইউপিপিএলৰ মিত্ৰতাৰ ইংগিত দি কাইলৈ গোসাঁইগাঁওত ইউপিপিএলৰ কৰ্মীসভাত কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ উপস্থিত থাকিব। সংবাদ মেলত বিধায়কগৰাকীয়ে কয় যে বিগত বিধানসভা নিৰ্বাচনত বিপিএফ দল কংগ্ৰেছ মিত্ৰজোঁটত আছিল বাবে জিকিছিল। কিন্তু এইবাৰ মিত্ৰজোঁটৰ কংগ্ৰেছ, এ আই ইউডিএফে নিজাববীয়াকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে বিপিএফৰ গণভিক্তি এতিয়া প্ৰায় শূন্য। তেওঁৰ মতে বিপিএফৰ সলনি কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতহে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা হ’ব। আনহাতে তেওঁ ৭ অক্টোবৰৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোসাঁইগাঁৱত ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।
সংবাদ মেলত গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে কয় যে গোসাঁইগাঁৱত ইউপিপিএলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোনো নাই। তেওঁ কয় যে ইউপিপিএল চৰকাৰৰ মিত্ৰজোঁটত আছে। গতিকে ৰাইজে দলটোক গ্ৰহণ কৰিব। তেওঁ সোণকোষ নৈৰ গঢ়াখহনীয়া সমস্যাৰ স্থায়ী সমাধান, ৰাস্তা-দলং পকীকৰণ, গোসাঁইগাঁও চহৰক মডেল টাউন বনোৱাৰ চৰকাৰে লোৱা প্ৰস্তাৱৰ সঠিক ৰূপায়ণত গুৰুত্ব দিয়া হ’ব বুলি প্ৰকাশ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!