25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ; সুৰোজ পাঞ্চালিক দোষমুক্ত ঘোষণা চিবিআইৰ…

Assamese Newsঅভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰ; সুৰোজ পাঞ্চালিক দোষমুক্ত ঘোষণা চিবিআইৰ...

বলিউডৰ অভিনেত্ৰী জিয়া খানৰ আত্মহত্যা সন্দৰ্ভত আজি ৰায়দান দিব মুম্বাইৰ CBIৰ এখন বিশেষ আদালতে। ২০১৩ চনৰ ৩ জুনত জিয়াৰ মৃতদেহ তেওঁৰ মুম্বাইৰ জুহুস্থিত ঘৰত উদ্ধাৰ কৰা হৈছিল। চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল জিয়া খানক। ২০১৩ চনৰ ৭ জুনত জিয়াৰ ঘৰৰ পৰা ৬ পৃষ্ঠাৰ চুইচাইড নোট উদ্ধাৰ কৰিছিল। ১০ বছৰ পুৰণি গোচৰটোৰ আজি দিব চূড়ান্ত ৰায়।

চুইচাইড নোটত জিয়া আৰু সুৰজৰ অন্তৰংগ মুহুৰ্তৰ লগতে সুৰজে চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিষয়ে উল্লেখ আছিল। ১ জুলাই ২০১৩ত সুৰজ পাঞ্চালীক জামিন প্ৰদান কৰা হৈছিল। জিয়াৰ মৃত্যুৰ বাবে তেওঁৰ মাতৃ ৰাবিয়া খানে সুৰজক দোষাৰোপ কৰিছিল আৰু হত্যা কৰাৰ অভিযোগ আনিছিল।

আদিত্য পাঞ্চালীৰ পুত্ৰৰ প্ৰৰোচনাতে আত্মহত্যা কৰাৰ অভিযোগ উঠিছিল। সেই গোচৰৰ আজি চূড়ান্ত ৰায় দিব CBIৰ বিশেষ আদালতে। সুৰজ পাঞ্চালীৰ বিৰুদ্ধে আদালতে দিব চূড়ান্ত ৰায়। দোষী সাব্যস্ত হ’লে ১০ বছৰ পৰ্যন্ত জে’ল হ’ব সুৰজ পাঞ্চালীৰ। সুৰজ পাঞ্চালীৰ সৈতে প্ৰায় দুবছৰীয়া সম্পৰ্কত বান্ধ খাইছিল জিয়া। জিয়া আনকি গৰ্ভৱতী হোৱা বুলিও খবৰ উলাইছিল। জিয়া খানৰ  আত্মহত্যা গোচৰৰ ৰায়ৰ বাবে মুম্বাইৰ চিবিআইৰ বিশেষ আদালতত উপস্থিত অভিনেতা সূৰজ পাঞ্চালী।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!