এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ; ১৭৩ পদৰ বিজ্ঞাপন

1 min read

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনএইচপিচি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Senior Medical Officer (১৩), Assistant Rajbhasha Officer (৭), Junior Engineer-Civil (৬৮), Junior Engineer-Electrical (৩৪), Junior Engineer-Mechanical (৩১),Sr. Accountant (২০)ৰ পদ৷

Senior Medical Officer পদৰ প্রার্থীMBBSৰ ডিগ্রীধাৰী হোৱাৰ লগতে বৈধ পঞ্জীয়ন নম্বৰ থকা হ’ব লাগিব৷ দুবছৰীয়াPost Internship থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৬০,০০০–১,৮০,০০০ টকা৷Assistant Rajbhasha Officer পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৪০,০০০–১,৪০,০০০ টকা৷Junior Engineer-Civil পদৰ প্রার্থীCivil Engineeringৰ ডিগ্রীধাৰী হোৱাৰ লগতেAuto CADৰ জ্ঞান থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,৬০০–১,১৯,৫০০ টকা৷

Junior Engineer-Electrical পদৰ প্রার্থী Electrical Engineeringৰ ডিগ্রীধাৰী হোৱাৰ লগতে Auto CADৰ জ্ঞান থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,৬০০–১,১৯,৫০০ টকা৷Junior Engineer-Mechanical পদৰ প্রার্থীMechanical Engineeringৰ ডিগ্রীধাৰী হোৱাৰ লগতেAuto CADৰ জ্ঞান থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,৬০০–১,১৯,৫০০ টকা৷ Sr. Accountant পদৰ প্রার্থীIntermediate CA অথবাCMAৰ ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৯,৬০০–১,১৯,৫০০ টকা৷

পৰীক্ষা Ahmedabad, Bengaluru, Bhopal, Bhubaneswar, Chandigarh, Chennai, Dehradun, Delhi, Gangtok, Guwahati, Hyderabad, Itanagar, Jaipur, Jammu, Kochi, Kolkata, Lucknow, Mumbai, Panaji, Ranchi, Raipur আৰু Shimla ত অনুষ্ঠিত হ’ব৷ বয়স ১ জুলাই, ২০২১ লৈ উল্লিখিত পদ অনুযায়ী ক্রমে ৩৩ বছৰ, ৩৫ বছৰ, ৩০ বছৰ, ৩০ বছৰ, ৩০ বছৰ আৰু ৩০ বছৰ৷ আবেদন দাখিলৰ বাবে https://cdn.digialm.com//EForms/configuredHtml/1258/72639/Instruction.html নাইবা http://www.nhpcindia.com/Default.aspx·id=128&lg=eng& ভিজিট কৰিব পাৰে৷

বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে এনএইচপিচিৰ ৱেবছাহট https://cdn.digialm.com//EForms/configuredHtml/1258/72639/login.html লগ–ইন কৰিব পাৰে৷ আবেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্ঢেম্বৰ, ২০২১৷

You May Also Like

More From Author