25.8 C
Assam
Wednesday, August 17, 2022

Featured News

Mental Health Awareness Initiative Art After Dark 6.0 Held In Guwahati

Storyweavers organised the sixth edition of Art...

Pramod Boro Flags Off CEM’s Super 50 For UPSC Coaching To Delhi

An orientation programme for selected aspirants of...

CF Moto launches first sports bike showroom at Guwahati

Guwahati: CF Moto a premium sports bike...

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

Assamese Newsকোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানি বনাঞ্চলত আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নৱগঠিত বিদ্ৰোহী সংগঠন ‘ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড’ৰ (ইউ এল বি) দুজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হৈছিল । এনকাউণ্টাৰৰ এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ বিটিআৰত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে ।

কোকৰাঝাৰৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰিপুন বৰাই । বুধবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ বৰাই কয় আমি এনকাউণ্টাৰৰ ঘটনাৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰিছো । পুলিছে এনকাউন্টাৰ কৰাৰ কাৰণ সন্দৰ্ভত যি পৰিৱেশৰ বৰ্ণনা দিয়ে তাত সন্দেহৰ অৱকাশ আছে ।

কোকৰাঝাৰৰ ঘটনাৰ ক্ষেত্ৰতো সন্দেহৰ অৱকাশ আছে । হয়টো তেওঁলোক সন্ত্ৰাসবাদী নাইবা দুধৰ্ষ অপৰাধী হ’ব পাৰে । কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছে যে যিমানেই ডাঙৰ সন্ত্ৰাসবাদী নহওক কিয়, এনকাউণ্টাৰ হৈছে শেষ পন্থা । প্ৰথমে জীৱন্তে কৰায়ত্ত কৰিব লাগে । কৰায়ত্ত কৰিব নোৱাৰিলে নাইবা আত্মৰক্ষাৰ বাবেহে এনকাউণ্টাৰ কৰা হয় ।

কিন্তু সেই পৰিস্থিতি আজি ইয়াত নাই । কোকৰাঝাৰত এনকাউণ্টাৰত যি দুজন যুৱকৰ মৃত্যু হ’ল, তাত এই পৰিস্থিতি হোৱা নাই । সেইবাবে সন্দেহৰ যথেষ্ট অৱকাশ আছে । যাৰবাবে আমি উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছো । অফিচিয়েল পৰ্যায়ত তদন্ত হ’লে তদন্ত কিমান স্বচ্ছ আৰু নিকা হ’ব সেইটো সকলোৱে জানে । যাৰবাবে ন্যায়িক তদন্ত হ’ব লাগে ।

আনহাতে ৰাজ্যজুৰি মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদগৰাকীয়ে কয় ৰাজ্যৰ মূল সমস্যাসমূহক অন্য দিশে সলনি কৰাৰ কৌশল দালাল গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া । নিবনুৱা সমস্যা, মূল্যবৃদ্ধি আদি সমস্যাৰ পৰা ৰাইজক অন্য দিশে ব্যস্ত ৰখাৰ বাবে বিজেপি চৰকাৰে নতুন নতুন পন্থা অৱলম্বন কৰে ।

যাতে সমস্যাবোৰক লৈ কোনেও আন্দোলন নকৰে তথা প্ৰতিবাদ নহয় । ত‍াৰবাবে সদায় নতুন ইচ্ছ্যু কৰি তেওঁলোকে ৰাইজৰ ধ্যান অন্য দিশে সলনি কৰাৰ প্ৰচেষ্টা কৰে । দালালক লৈ ১৫-২০ দিন চলিব । মানুহক ব্যস্ত ৰাখিব । গৰুৰ চোৰাং বেপাৰকলৈ দুমাহ ব্যস্ত ৰাখিলে । ড্ৰাগছত ব্যস্ত ৰাখিলে । এনেদৰে সময়বোৰ পাৰ কৰিব । দালাল ধৰিলে সকলোকে ধৰিব লাগে, দালাল বহুত আছে । এনেদৰে চৰকাৰৰ বিৰোদ্ধে সৰৱ হৈ পৰে বিৰোধী দলৰ সাংসদ গৰাকী ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: